danewsplus.com
danewsplus.com

মমতা বাহিনীৰ ‘খেলা হ’ব’ কথাটিক কটাক্ষ কৰি এইবেলি ‘বিকাশ হ’ব’ মন্তব্য মোদীৰ

0 100

পশ্চিমবংগৰ পুৰুলীয়াত এক নিৰ্বাচনী সভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ ভাষ্য যে দিদিয়ে কয় ‘খেলা হ’বে’ কিন্তু বিজেপিয়ে কয় ‘বিকাশ হ’বে, বিদ্যালয়, চিকিত্‍সালয় হ’বে’। মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ জনতাৰ সৈতে ১০ বছৰ খেলিলে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীজনে। লগতে কয় যে মমতাৰ খেল এইবেলি শেষ হ’ব। এইবাৰ আৰম্ভণি হ’ব বিকাশৰ। এই বিকাশ আনিব বিজেপি চৰকাৰে।

মোদীয়ে পুৰুলীয়াবাসীৰ সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰি ভাষণ আৰম্ভ কৰি তাত থকা কৃষকসকলে কৃষিৰ বাবে পৰ্যাপ্ত পৰিমাণে পানী লাভ কৰিব বুলি মন্তব্য কৰে।

বিগত ১০ বছৰে জলসিঞ্চনৰ বাবে যি কৰা উচিত আছিল, সেয়া মমতা বেনাৰ্জীয়ে কৰা নাই বুলি কটাক্ষ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে কয় যে পানীৰ যোগান কম হোৱাৰ বাবে পশু পালনৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে পুৰুলীয়াবাসী।

Leave A Reply

Your email address will not be published.