কাজী মাক হ’ল! চিৰিয়াখানালৈ আহিল নতুন আলহী


ডিজিটেল ডেস্কঃ গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা ব’টানিকেল গাৰ্ডেনত কাজী নামৰ ঢেকীয়াপতীয়া বাঘ জনীয়ে ৩ ফেব্ৰুৱাৰীত দুটা পোৱালি জন্ম দিয়ে । পোৱালি দুটা বৰ্তমান পিঞ্জৰাৰ বাহিৰত শীতৰ পৰা ৰক্ষা পাবৰ বাবে বিশেষ কোঠাত হীটাৰ দি ৰাখিছে। চিৰিয়াখানাৰ চিকিৎসক সকলে বাঘিনী জনীৰ লগতে পোৱালি দুটাকো অৰ্হনিশে নীৰিক্ষণত ৰাখিছে। পোৱালি দুটা সৰু হৈ থকাৰ কাৰণে দৰ্শনাৰ্থী সকলৰ বাবে মুকলি কৰি দিয়া নাই। কাজীৰ পোৱালি দুটা জন্মৰ পিছত অসম ৰাজ্যিক চিৰিয়াখানাত বাঘৰ সংখ্যা হৈছে দহটা।

DA News PlusNational ZooRoyal Bengal Tiger
Comments (0)
Add Comment