নতুন দিল্লীত অসমবাসীক জিলিকালে ৩২ গৰাকী ছাত্ৰীয়ে

ডিজিটেল ডেস্কঃ নতুন দিল্লীত অহা ২৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া গণতন্ত্ৰ দিৱসৰ ইতিক্ষণত অসমৰ সত্ৰীয়া কেন্দ্ৰৰ তৰফৰ পৰা এটি ৩২ গৰাকী ছাত্ৰীৰ দলে অংশ গ্ৰহণ কৰে। তেওঁলোকে ১৫০০ গৰাকী নাৰী শক্তিৰ বন্দে ভাৰতম এই বিশেষ অনুষ্ঠানটিত অসমৰ ফালৰ পৰা সত্ৰীয়া নৃত্যৰ পৰিবেশন কৰে আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনে।

এমাহ ধৰি তেওঁলোকে দিল্লীত থাকি তেঁওলোকৰ আখৰা সমূহত উপস্থিত থাকে। ইয়াৰ লগতে বিভিন্নজনে প্ৰত্যেক গৰাকী শিল্পীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।

প্ৰতিযোগীসকলৰ একাংশ- ৰশ্মি ৰেখা দাস, হিমাশ্ৰী দেৱী, কস্তুৰী কাশ্যপ, ময়ূৰাক্ষী দাস, ঋতৃষ্ণা ভৰালী, প্লাবিতা নেওগ, অনন্যা বৰা, দৃষ্টিপ্ৰিয়া দত্ত, বন্দিতা ডেকা, কুমকুম গগৈ, দেৱজানী লুনপুনীয়া, চয়নিকা শৰ্মা, দিক্ষীতা নেওগ, শাৰদী জোনাক শইকীয়া, দুৱৰী গোস্বামী, প্ৰীতি বসুমতাৰী, লিজা শইকীয়া, টুইংকল ৰাজবংশী, চয়নিকা বৰ্মন, দীক্ষা বি কাশ্যপ, শিৰুশ্ৰী শইকীয়া, প্ৰজ্বলিকা দাস, ড০ কুন্তলা শৰ্মা বৰদলৈ, দৰ্শনা হাজৰিকা, জুতিস্মিতা বৰা আৰু বৰ্ণালী বৰা ইত্যাদি।

AssamDA News Plus
Comments (0)
Add Comment