অসম ডাউন টাউন বিশ্ববিদ্যালয়ত বিশ্ব গৱেষণাগাৰ দিৱস উদযাপন

আজি বিশ্ব গৱেষণাগাৰ দিৱসত বৈজ্ঞানিক জ্ঞান আগবঢ়োৱা, উদ্ভাৱন ৰক্ষা কৰা আৰু চাৰিওফালৰ পৃথিৱীৰ বিষয়ে আমাৰ বুজাবুজি গঢ়ি তোলাত পৰীক্ষাগাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আলোচনা কৰা হয়। এই দিনটো বিজ্ঞানী, গৱেষক আৰু পৰীক্ষাগাৰৰ প্ৰযুক্তিবিদসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়াৰ দিন যিয়ে পৰীক্ষাগাৰত অক্লান্তভাৱে কাম কৰি উচ্চ মানদণ্ডৰ স্বাস্থ্যসেৱা আৰু ৰোগ নিৰ্ণয়ৰ জৰিয়তে মানৱজাতিক সেৱা আগবঢ়ায়। গ্ৰাউণ্ড ব্ৰেকিং চিকিৎসাৰ উন্নতিৰ পৰা প্ৰযুক্তিগত উদ্ভাৱনলৈকে, পৰীক্ষাগাৰ হৈছে ধাৰণাবোৰৰ জন্মস্থান যাৰ জীৱন সলনি কৰাৰ আৰু সমাজপৰিৱৰ্তন কৰাৰ ক্ষমতা আছে। এই কথা মনত ৰাখি অসম ডাউন টাউন বিশ্ববিদ্যালয়ে পেৰামেডিকেল ছায়েন্স পৰিষদৰ অধীনস্থ প্ৰগ্ৰেম অৱ মেডিকেল লেবৰেটৰী টেকন’লজিৰ উদ্যোগত “The Future Is Lab: Embrace Innovation” শীৰ্ষক বিষয়বস্তুৰ অধীনত ২৩ এপ্ৰিল,২০২৪ তাৰিখে এই শুভ দিনটো উদযাপন কৰে।

অনুষ্ঠানটো উদ্বোধন কৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ড° এন চি তালুকদাৰ ডাঙৰীয়াই। মুখ্য অতিথি হিচাপে এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক (ড°) অশোক পুৰাণিকৰ লগতে পেৰামেডিকেল বিজ্ঞানৰ অধ্যক্ষ ডাঃ পি চি শৰ্মা আৰু পেৰামেডিকেল ছায়েন্সৰ ডীন ড° অভিজিত দত্ত, বিভিন্ন অনুষদৰ ডীন সঞ্চালক, পঞ্জীয়ন কাৰ্যালয়, এইচ আৰ কাৰ্যালয়, আইকিউএচি কাৰ্যালয়ৰ বিষয়াসকলো উপস্থিত থাকে।

দুগৰাকী বিশিষ্ট অতিথি বক্তা ক্ৰমে ডাঃ চেঞ্জেই কন্যাক (ৰেচিডেণ্ট মেডিকেল অফিচাৰ, নাগালেণ্ড চৰকাৰ, নাগালেণ্ড হাউচ, গুৱাহাটী)য়ে “মেডিকেল লেবৰেটৰীঃ ইকুইটেবল এক্সেছ থ্ৰু ইনোভেচনছ” শীৰ্ষক বক্তৃতা প্ৰদান কৰে আৰু ডাঃ এল সুন্দৰেশ্বৰনে (সহকাৰী অধ্যাপক শৰীৰবিজ্ঞান বিভাগ, এইমছ গুৱাহাটী), “ভৱিষ্যতৰ লেব” শীৰ্ষক বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে ৰচনা আৰু বৈজ্ঞানিক পোষ্টাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিজয়ীসকলক তেওঁলোকৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে প্ৰমাণ পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। পেৰামেডিকেল ছায়েন্স পৰিষদৰ ডীন ড° অভিজিত দত্ত আৰু পেৰামেডিকেল ছায়েন্স ইনষ্টিটিউটৰ সহযোগী ডীন শ্ৰীমতী শিলা কুমাৰী সিংৰ লগতে সমগ্ৰ মেডিকেল লেবৰেটৰী টেকন’লজি বিভাগে এই অনুষ্ঠানটো সফল কৰি তুলিছে। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে নিৰ্দিষ্ট ক্ষেত্ৰখনৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময়ৰ সুবিধা গ্ৰহণ কৰে।

#adtu#Da News PlusAssam
Comments (0)
Add Comment