গৌতম গম্ভীৰে ‘ISIS কাশ্মীৰ’ৰ পৰা লাভ কৰিছে মৃত্যুৰ ভাবুকি

ডিজিটেল ডেস্ক: ভাৰতীয় জনতা পাৰ্টিৰ পূৱ দিল্লীৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰলৈ ‘ISIS কাশ্মীৰ’ৰ পৰা আহিছে মৃত্যুৰ ভাবুকি।দিল্লী(কেন্দ্ৰ)ৰ DCP স্বেতা চৌহানে দিয়া তথ্য অনুসৰি, সাংসদগৰাকীয়ে ই মেইলযোগে  ‘ISIS কাশ্মীৰ’ৰ পৰা লাভ কৰিছে মৃত্যুৰ ভাবুকি।

আৰক্ষীলৈ লিখা এক পত্ৰত গম্ভীৰে ই-মেইলৰ লগতে সন্ত্ৰাসবাদী দলটোৱে তেওঁৰ লগতে পৰিয়ালকো হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ কথা উল্লেখ কৰে। সাংসদগৰাকী ইতিমধ্যে কাষ চাপিছে দিল্লী আৰক্ষীৰ।গৌতম গম্ভীৰৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি পূব দিল্লীৰ সাংসদজনৰ বাসগৃহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

পাকিস্তানৰ সীমা সমস্যাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সদায়েই মাত মাতি অহা গৌতম গম্ভীৰ ২০১৯ চনত বিজেপি দলৰ পৰা পূব দিল্লীৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৫ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলা গৌতম গম্ভীৰে ২০১৮ চনত ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল।

BJPDA News PlusGautam Gambhir
Comments (0)
Add Comment