কেজৰিয়ালৰ নতুন ৰণকৌশল, নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেজৰিয়ালে নিশাৰ আহাৰ গ্ৰহণ কৰিলে অটোচালকৰ ঘৰত

ডিজিটেল ডেস্ক: সমুখত নিৰ্বাচন, অৰবিন্দ কেজৰিৱালে সোমবাৰে পঞ্জাৱত আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈ অ’টো আৰু কেব চালকৰ এটা বৃহৎ গোটক সম্বোধন কৰে। বৰ্তমান তেওঁ পঞ্জাৱত আম আদমী পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। জনসাধাৰণৰ মন জয় কৰাৰ উদ্দেশ্যে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এজন অ’টোচালকৰ বাসগৃহত নিশাৰ আহাৰ গ্ৰহণ কৰি জনতাৰ প্ৰশংসা লাভ কৰিছে। লুধিয়ানাত অনুষ্ঠিত অ’টো আৰু টেক্সি চালকৰ সভাত অংশ লৈ কেজৰিয়ালে দিলীপ তিৱাৰী নামৰ এজন লোকৰ নিমন্ত্ৰণমৰ্মে তেখেতৰ বাসগৃহত উপস্থিত হয়। সংবাদমাধ্যমক জনোৱা অনুসৰি অ’টোচালক জনকো পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ভাতখোৱা পৰ্ব আছিল কেজৰিয়ালৰ নিৰ্বাচনৰ এক ৰণনীতি।


অ’টোচালকজনৰ ঘৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত কেজৰিৱালে এইবুলি টুইট কৰে, “দিলীপ তিৱাৰীয়ে আজি আমাক তেওঁৰ ঘৰলৈ নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনায়। তেওঁৰ পৰিয়ালে আমাক যথেষ্ট মৰম দিছিল আৰু বৰ সুস্বাদু খাদ্য ৰান্ধিছিল। মই তেওঁৰ পৰিয়ালকো দিল্লীত থকা মোৰ ঘৰত এসাঁজ খাবলৈ আমন্ত্ৰণ জনাইছো।”

Arvind KejriwalDA News Plus
Comments (0)
Add Comment