প্ৰকাশ পালে ভাৰতত সচৰাচৰ ব্যৱহৃত পাছৱৰ্ডৰ এক প্ৰতিবেদন

ডিজিটেল ডেস্কঃ নৰ্ডপাছ ২০২১ৰ শেহতীয়া এক গৱেষণাৰ প্ৰতিবেদনৰ দ্বাৰা ভাৰতত সচৰাচৰ ব্যৱহৃত পাছৱৰ্ড সমূহ জানিব পৰা গৈছে। লগতে পাছৱৰ্ডবোৰ ক্ৰেক কৰিবলৈ লগা সময়ৰ ওপৰতো গৱেষণা কৰিছে কেন্দ্ৰটোৱে। প্ৰতিবেদন অনুসৰি 123456 , 12345678 , 123456789 , 12345 , 1234567890 ৰ দৰে সৰল সাংখ্যিক পাছৱৰ্ডবোৰ সমগ্ৰ বিশ্বৰ ব্যৱহাৰকাৰী সকলে ব্যাপক ভাৱে ব্যৱহাৰ কৰে ।

আৰু সৰল পাছৱৰ্ড কুৱেৰ্টি , পাছৱৰ্ড , ড্ৰেগন , কৃষ্ণ , জয়মাতাদি আদিও সাধাৰণতে ব্যৱহাৰ কৰা হয়। প্ৰতিবেদন অনুসৰি এই পাছৱৰ্ড সমূহ এক মিনিটৰ ভিতৰতে ক্ৰেক কৰিব পৰা যায়। চাইবাৰ আক্ৰমণৰ পৰা সুৰক্ষিত থাকিবলৈ এটা শক্তিশালী পাছৱৰ্ড ব্যৱহাৰৰো পৰামৰ্শ দিছে উক্ত প্ৰতিবেদনখনে।

DA News Plus
Comments (0)
Add Comment