সোমবাৰে সম্পন্ন কৰা হ’ব উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ অন্ত্যেষ্টিক্ৰিয়া

ডিজিটেল ডেক্সঃ সোমবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। গঙ্গা নদীৰ পাৰত সম্পন্ন হ’ব কল্যাণ সিঙৰ অন্ত্যেষ্টিক্ৰিয়া। পুৱা ৯ বজাত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নস্বৰদেহ আত্ৰৌলি হৈ তেওঁৰ জন্মস্থান মাধৌলীলৈ লৈ যোৱা হয়।

মাধৌলীত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ কিছু সময়ৰ বাবে ৰখা হ’ব। ইয়াৰ পাছত বুনন্দচহৰ জিলাৰ পৰা নাৰোৰা চহৰৰ গঙ্গা নদীৰ পাৰলৈ কল্যাণ সিঙৰ অন্তিম যাত্ৰা হ’ব আৰু নাৰোৰাৰ গঙগাৰ পাৰতে তেওঁৰ অন্তিম সংস্কাৰ কৰা হ’ব।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ আছিল কল্যাণ সিং। হাস্পতালত সিকিৎসাধীন অৱস্থাতে যোৱা ২১ আগষ্টত মৃত্যু হয় উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। তেওঁৰ মৃত্যুৰ পাছতে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ বিৰাজ কৰিছে।

kalyan singh deathuttar pradesh ex cm
Comments (0)
Add Comment