কাবুলৰ পৰা ১৬৮ জন যাত্ৰী সহ ভাৰতত উপস্থিত হ’ল বায়ু সেনাৰ বিশেষ বিমান।

ভাৰতীয় বায়ু সেনাৰ দ্বাৰা প্ৰত্যাৱৰ্তন এক বিশেষ বিমান। যাৰ ভিতৰত 107 জন ভাৰতীয়সহ 168 জন যাত্ৰী আছিল।কাবুলৰ পৰা দিল্লীৰ ওচৰৰ হিন্দন বিমান ঘাটিত অৱতৰণ কৰিছিল এই বিমান খন। লগতে, কাবুলৰ পৰা উলিয়াই অনা ভাৰতীয়সকলক কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়া, ইণ্ডিগো, আৰু ভিস্তাৰা নামৰ আন তিনিখন বিমান আজি ৰাতিপুৱা তাজিকিস্তানৰ ৰাজধানী দুশানবে আৰু কাটাৰৰ দোহাৰ পৰা দিল্লীত অৱতৰণ কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইটাৰত স্থানান্তৰৰ প্ৰচেষ্টাৰ ফটো পোষ্ট কৰিছে।

ইয়াৰ পূৰ্বে এক টুইটযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে স্থানান্তৰৰ প্ৰচেষ্টাৰ বিৱৰণ পোষ্ট কৰিছিল। তেওঁ এটা চমু ভিডিঅ’ ক্লিপও পোষ্ট কৰিছিল য’ত স্থানান্তৰিত সকলক “ভাৰত মাতা কী জয়” উচ্চাৰণ কৰা দেখা গৈছিল।

afghanisthanDA News Pluskabul
Comments (0)
Add Comment