danewsplus.com
danewsplus.com

আন এক বিৰল অভিলেখৰ অধিকাৰী হ’ল অসম সন্তান এলভিছ আলী হাজৰিকা

0 118

ডিজিটেল ডেস্ক : আন এক বিৰল অভিলেখৰ অধিকাৰী হ’ল এলভিছ আলী হাজৰিকা। উত্তৰ-পূবৰ প্ৰথমজন হিচাপে সাঁতুৰি পাৰ হ’ল নৰ্থ চেনেল। বহু বাধা-বিঘিনি অতিক্ৰম কৰি হাজৰিকাই আৰ্জিলে এই বিৰল কৃতিত্ব। এটাৰ পিছত এটা অভিলেখৰ গৰাকী হৈছে অসমৰ সন্তৰণবিদ এলভিছ আলী হাজৰিকা৷ এইবাৰ এলভিছে সাঁতুৰি পাৰ হ’ল নৰ্থ চেনেল৷ ৰীলেৰ জৰিয়তে নৰ্ডাৰ্ণ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ সাঁতুৰি অসম তথা উত্তৰ-পূবৰ প্ৰথমজন নৰ্থ চেনেল অতিক্ৰম কৰা সাঁতোৰবিদ হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিলে এলভিছ আলী হাজৰিকাই৷

অসম সন্তান এলভিছ আলী হাজৰিকা



নৰ্থ চেনেলত হাজৰিকাই ১৪ ঘণ্টা ৩৮ মিনিটত সম্পন্ন কৰে সাঁতোৰ। এই যাত্ৰাত সাগৰীয় জেলি ফিছৰো মুখামুখি হৈছিল হাজৰিকা আৰু তেওঁৰ সতীৰ্থ৷ উল্লেখনীয় যে, এলভিছ আলী আৰু সতীৰ্থ নৰ্থ চেনেল অতিক্ৰম কৰা প্ৰথমটো এছিয়াৰ দল হিচাপেও চিহ্নিত হয়৷ এলভিছ আলী হাজৰিকা ভাৰতৰ প্ৰথমজন বৰ্ষীয়ান সাঁতোৰবিদ হিচাপে এই সফলতা অৰ্জন কৰে৷

Leave A Reply

Your email address will not be published.