danewsplus.com
danewsplus.com

কৃষি বিষয়ক বা- বাতৰি প্ৰচাৰৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিনৱ প্ৰয়াস

0 138

ডিজিটেল ডেস্ক: অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষিৰ বিষয়ক বা-বাতৰি প্ৰচাৰ কৰি অহা পষেকীয়া অসমীয়া কৃষি পত্ৰিকা ‘ঘৰে পথাৰে’ এতিয়াৰে পৰা ই-প্লেটফৰ্মত উপলব্ধ হ’ব। অসম কৃষি বিশ্ববিদ্যালয়ে বিগত ৪৩ বছৰে অবিৰত ভাবে প্ৰকাশ কৰি অহা কৃষি পত্ৰিকাখনৰ ই-সংস্কৰণটো আজি মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । যোৰহাটৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ অনুষ্ঠানত সংস্কৰণটো মুকলি কৰি ই- সংস্কৰণটোৰ জৰিয়তে কৃষি আৰু আনুষংগিক ক্ষেত্ৰৰ লগত জড়িত সকলে বহু তথ্য লাভ কৰিব বুলি উপাচাৰ্য গৰাকীয়ে আশা প্ৰকাশ কৰে ।

‘ঘৰে পথাৰে’ৰ মুখ্য সম্পাদক ড° ৰঞ্জিত কুমাৰ সাউদে আঁত ধৰা এই কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকো উপস্থিত থাকে । উল্লেখ্য যে, ‘ঘৰে পথাৰে’ কৃষি পত্ৰিকাখন বিগত দহ বছৰে বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদৰ মুখ্য সম্পাদনাত প্ৰতি মাহৰ ১ তাৰিখ আৰু ১৬ তাৰিখে নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে।

Leave A Reply

Your email address will not be published.