danewsplus.com
danewsplus.com

তিনিচুকীয়াৰ তালাপ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

0 174

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ তালাপ চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিৰুদ্ধে প্ৰতিবাদ জনালে বাগিচাখনৰ শ্ৰমিকে৷ বাগিচাখনৰ বিনোদ মিঞ্জ নামৰ এজন শ্ৰমিক কলঘৰত দুৰ্ঘটনাত আহত হৈছিল কিছুদিন পূৰ্বে৷

বাগিচা কৰ্তৃপক্ষই শ্ৰমিকজনক চিকিৎসা কৰোৱাৰ লগতে ক্ষতিপূৰণ দিয়াৰ পিছতো আদিবাসী ছাত্ৰ সন্থাই ঘটনাৰ বুজ নোলোৱাকৈ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ভুৱা বাতৰি সম্প্ৰচাৰ কৰাত ক্ষুব্দ হৈ এইদৰে প্ৰতিবাদ জনালে শ্ৰমিকসকলে৷ বাগিচাখনৰ চিকিৎসালয়খনত শীঘ্ৰে চিকিৎসক নিযুক্তি দিবলৈ আহ্বান জনালে শ্ৰমিকসকলে৷

Leave A Reply

Your email address will not be published.