danewsplus.com
danewsplus.com

হাজোৰ সাতদলা দুখুটিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজাৰা শাখাৰ সাহায্য প্ৰদান

0 135

ডিজিটেল ডেস্কঃ হাজোৰ সাতদলা দুখুটি গাঁৱত বানপীড়িত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজাৰা শাখাৰ। গাওঁখনৰ দুকুৰিটা দুৰ্গত পৰিয়ালৰ মাজত চাউল, দাইল, আলু, বিস্কুট, নিমখ আৰু দুবিধ চাবোন বিতৰণ কৰা হয়।

বিগটা সাতদলা ভূমা হাইস্কুলৰ শিক্ষক অমৃত দাস আৰু স্থানীয় যুৱক দ্বিজেন দাস, মনোজ কুমাৰ দাস, পৰেশ দাস আৰু আন আন সকলৰ লগতে জ্যেষ্ঠ ব্যক্তি আৰু কেইবাটিও আগৰণুৱা শিশুৱেও আহি এই কাৰ্যত সহযোগিতা আগবঢ়ায়।

উল্লেখ্য যে, মানুহৰ এনে দুৰ্যোগৰ সময়ত আজাৰা লেখিকা সমাৰোহ শাখা সমিতিয়ে যৎকিঞিত সাহায্য আগবঢ়োৱাত গাঁওবাসী নথৈ আনন্দিত হয় আৰু আজাৰা লেখিকা সমাৰোহ শাখা সমিতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। শাখাৰ সভানেত্ৰী ত্ৰিবেণী দাস, সম্পাদিকা কুঞ্জ লতা মেধি, কাৰ্য নিৰ্বাহক সমিতিৰ সদস্যা সোমা দাস, কোষাধ্যক্ষা নিজৰা বৰুৱা কলিতা আৰু সদস্যা বন্তি শইকীয়াই এই সাহয্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.