danewsplus.com
danewsplus.com

বানৰ পিছত এতিয়া ইটোৰ পিছত সিটো ৰোগত আক্ৰান্ত ৰহাৰ কেইবাজনো লোক

0 180

ডিজিটেল ডেস্কঃ বানে ধোৱা ৰহাত বানৰ পিছতে মহামাৰীৰ প্ৰাদুৰ্ভাৱ। বিভিন্ন ৰোগে অঞ্চলজুৰি ধাৰণ কৰিছে মহামাৰীৰ ৰূপ। কলেৰা, জাপানী এনকেফেলাইটিছৰ ভয়ানক ৰূপ। ৰহাৰ বানবিধ্বস্ত অঞ্চলসমূহত হাহাকাৰ পৰিস্থিতি। ৰহাৰ চিকিৎসালয়ৰ তথ্যত ভয়াৱহতাৰ আগজাননী।

ৰহাৰ কাকতিগাঁৱত কলেৰাত ৩জনৰ প্ৰাণহানি। অঞ্চলটোৰ আৰু বহু লোক সম্প্ৰতি চিকিৎসাধীন। হাৰিয়ামুখত এজনৰ দেহত জাপানী এনকেফেলাইটিছ। সম্প্ৰতি গুৱাহাটীত চিকিৎসাধীন হৈ আছে লোকজন।

দীঘলদৰি, চাপৰমুখ কাকতিগাঁৱতো মহামাৰীৰ প্ৰাদুৰ্ভাৱ। জাপানী এনকেফেলাইটিছত আক্ৰান্ত একাধিক লোক। ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান চিকিৎসকৰ।

Leave A Reply

Your email address will not be published.