danewsplus.com
danewsplus.com

এইবাৰ থানাৰ ভিতৰতে আৰক্ষীক মাৰিলে এজন যুৱকে

0 88

ডিজিটেল ডেস্কঃ থানাৰ ভিতৰতেই প্ৰচণ্ড মাৰপিট
আৰক্ষীক এজন যুৱকৰ নিৰ্মম প্ৰহাৰ
কিন্তু হঠাৎ এনে কি হ’ল?
কিয় যুৱক আৰু আৰক্ষীজনৰ মাজত লাগিল মাৰপিট?

প্ৰথমে আৰক্ষী আৰু এজন যুৱকৰ মাজত চলি আছে বাৰ্তালাপ৷ বাৰ্তালাপৰ মাজতেই যুৱকজনে এটা দুটা নহয়, কেইবাটাও চৰ আৰু ঘোচা সোধালে আৰক্ষীজনক৷ কাষতে ৰৈ থকা মহিলা আৰক্ষীসকলে ঘটনাটো তলকিবই নোৱাৰিলে৷

কাজিয়া ভাঙিবলৈ গৈ বিপদত পৰিল মহিলা আৰক্ষী৷ মাৰপিটত থানাখনৰে কেইবাজনো কৰ্মচাৰী আঘাতপ্ৰাপ্ত হয়৷ এগৰাকী মহিলা আৰক্ষীয়ে যুৱকজনক প্ৰহাৰ কৰিবলৈ চকীখন দাঙি লৈছে৷ তাৰ পাছতেই কাজিয়াই লয় ভয়ংকৰ ৰূপ৷ আৰক্ষী আৰু যুৱকজন মাটিত বাগৰি ইজনে-সিজনক প্ৰহাৰ কৰিছে৷

প্ৰকৃততে আৰক্ষী আৰু যুৱকজনৰ কাজিয়াখনৰ আঁৰত আছে এখন ঘৰুৱা কন্দল৷ ঘটনাটো উত্তৰ প্ৰদেশৰ মইনপুৰীত৷ যুৱকজনৰ ঘৰুৱা এখন কাজিয়া মীমাংসা কৰিবলৈ যুৱকজনসহ পৰিয়ালৰ লোকক মাটি অনা হৈছিল থানালৈ৷

আৰক্ষী বিষয়াজনে ঘটনা সন্দৰ্ভত যুৱকজনক সোধা-পোছা কৰি কাজিয়াখন মীমাংসা কৰিবলৈ বিচাৰোঁতেই এনেদৰে যুৱকজনে প্ৰহাৰ কৰে আৰক্ষীজনক৷ যুৱকজনৰ এনে ব্যৱহাৰত খৰ্গহস্ত হৈ যুৱকজনক লকআপত ভৰালে আৰক্ষীয়ে৷

Leave A Reply

Your email address will not be published.