danewsplus.com
danewsplus.com

অসমত বানত বিগত ২৪ ঘন্টাত ৮গৰাকীৰ মৃত্যু

0 124

ডিজিটেল ডেস্কঃ
বানৰ কৰাল গ্ৰাসত ৰাজ্যৰ ৩৩খনকৈ জিলা
২৪ ঘণ্টাত মৃত্যু ৮গৰাকীৰ
ক্ষতিগ্ৰস্ত ২১,৫২,৪১৫ লোক
হোৰাহোৰে বঢ়া বাঢ়নী পানীয়ে উটুৱাই নিলে গাঁওখন, সুখৰ ঘৰখন

ইখনৰ পিছত সিখনকৈ গাওঁ চহৰ জিলা জলমগ্ন ৷ ঘৰৰ আধাৰ লৈ পানীৰ তলত ৷

চকুৰ সন্মুখতে নদীৰ বুকুত জাহ গৈছে সপোনৰ ঘৰখন
নৈৰ সোঁতত বিলীন কাৰোবাৰ বুকুৰ কুটুম, কাৰোবাৰ মিত্ৰ

বানত উটি গ’ল গোহালিৰ গৰু, পুখুৰীৰ পোনা, খেতিৰ মাটিডৰা ।
ৰাজ্যত এতিয়া হাঁহাকাৰময় অৱস্থা
কেৱল মৃত্যুৰ বিভীষিকা বানত!

বানে ধোঁৱা অসমত এতিয়া
মৃত্যুও হৈ পৰিছে তেনেই সুলভ

প্ৰতিবছৰে বানত প্ৰাণ হেৰুৱাব লগীয়া হয় বহুজনে ৷ ৰাজ্যৰ দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি

২০১৫ চনৰ কথা বানত মৃত্যু হৈছিল ৬৬গৰাকী লোকৰ
২০১৬ত বানত ৬৪গৰাকীৰ মৃত্যু
২০১৭ত ১৬৭গৰাকীৰ মৃত্যু
২০১৮ত ৪৫ গৰাকীৰ মৃত্যু
২০১৯ত ১০১গৰাকীৰ মৃত্যু
২০২০ত জীৱন হেৰুৱাইছিল ১২৪গৰাকীয়ে
২০২১ত মৃত্যু হৈছিল ৮গৰাকীৰ
২০২২ত এতিয়ালৈকে ১২৬ গৰাকীৰ মৃত্যু

ইফালে ২০২২ৰ প্ৰথমটো বাৰিষাতে

বানে কাঢ়ি নিলে ১২৬গৰাকী লোকৰ প্ৰাণ
নিখোঁজ ৩৫গৰাকী
বলিয়া বানৰ ৰোষত ৭,৭২৭ পশুধন
বৰ্তমানলৈ উদ্ধাৰ কৰা হৈছে ৮১,৫৪৫গৰাকী লোকক

বছৰি বছৰি এনে ভয়ানক, বিমৰ্ষ ইতিহাসৰ পাছতো গা নলৰিল কোনো এখন চৰকাৰৰ?
প্ৰশ্ন হয়,

বান আহিলে ভঙা মথাউৰি জোৰা দিয়া হয়
পানীত নামি বান সাহায্য, বন্যাৰ্তৰ খবৰ লোৱাই শেষ দায়িত্ব নেকি জনপ্ৰতিনিধিসকলৰ?

অসমৰ কিছু সম্পদ ৰাষ্ট্ৰীয় সম্পদ হোৱাৰ দৰে প্ৰতিবছৰে ভয়াহ ৰূপ ধাৰণ কৰা

বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা নহয় কিয়?
নিৰ্বাচনৰ সময়ত সঘনে অহা কেন্দ্ৰীয় মন্ত্ৰীয়ে বানৰ সময়ত পিঠি দিয়ে কিয়?

উন্নয়নৰ নামত ইটোৰ পাছত সিটোকৈ স্থাপন কৰা নদীৰ বান্ধ সমূহে বাৰিষা ধাৰণ কৰা ভয়াৱহ ৰূপ নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰে কিয় ? নে এনেদৰে প্ৰতিবছৰে বান আহিব আৰু সাধাৰণ লোকৰ প্ৰাণ কাঢ় নিয়াৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ যোৱালৈ বাট চাব ৷

Leave A Reply

Your email address will not be published.