danewsplus.com
danewsplus.com

বেয়া দিনত দুৰ্গতজনৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 113

ডিজিটেল ডেস্কঃ

দুৰ্গতজনৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
বৰপেটা, বজালীৰ বহুকেইটা বান ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ
বুজ ল’লে বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ
বানাক্ৰান্তক তৎকালীন সাহায্য প্ৰদানৰ নিৰ্দেশ প্ৰশাসনক

মঙলবাৰে এইদৰে বানাক্ৰান্ত ৰাইজৰ মাজত দেখা গ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক৷ ভৱানীপুৰ সমষ্টি অন্তৰ্গত সৰলপাৰা, নয়াপাৰাত পহুমৰা নৈয়ে সৃষ্টি কৰা ভয়ংকৰ পৰিৱেশ স্বচক্ষে পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰীয়ে৷ অঞ্চলটোৰ বহু আৱাসিক এলেকাত বৰ্তমানেও পহুমৰা নৈৰ সোঁত বৈ আছে৷ এনে অঞ্চলত মঙলবাৰে নিজে বাঢ়নী পানীত খোজ কাঢ়ি জনসাধাৰণৰ দুখ-কষ্টৰ সমভাগী হয় মুখ্যমন্ত্ৰীয়ে৷

মেধিকুছিত ২৬ঘৰ লোক প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে বানত
আন বহু লোক ক্ষতিগ্ৰস্ত হৈছে পৰোক্ষভাৱে

মেধিকুছিত বৰ্তমানেও বহু ঠাই বানত প্লাবিত৷ অঞ্চলটোৰ ৪২৫ নং মেধিকুছি আদৰ্শ বিদ্যালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি প্ৰশাসনৰ পৰা লাভ কৰা সা-সুবিধাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ বানত ধ্বংসপ্ৰাপ্ত হোৱা ঘৰসমূহ পুনৰ নিৰ্মানৰ বাবে চৰকাৰে যাৱতীয় সাহায্য প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে৷

পহুমৰা নৈৰ মথাউৰিৰ ওপৰত থকা পথ নিৰ্মাণৰ বাবে ৯ কোটি টকা অনুমোদন
বানৰ প্ৰকোপ কমাৰ পিছতে পুনৰ নিৰ্মাণ হ’ব মথাউৰি

এই পৰিদৰ্শনকালত সতীৰ্থ মন্ত্ৰী ৰণজিত কুমাৰ দাস, ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ, জিলা উপায়ুক্ত কাৱেৰী বৰকাকতি শৰ্মাসহ বহু লোক উপস্থিত থাকে৷ ইফালে বজালীৰ বহুকেইটা বান আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি দুৰ্গত লোকক সাহায্য প্ৰদানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে৷ বজালীৰ দিনাৰটেৰীৰ সৰলপাৰা আৰু নয়াপাৰাত বানত ক্ষতিগ্ৰস্তৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী৷

বজালীৰ পাটাৰকুছিৰ কোঁৱাৰা অঞ্চলটো বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীয়ে৷ অঞ্চলটোত কালদিয়া নৈয়ে বিস্তৰ ক্ষতিসাধন কৰিছে৷ মুখ্যমন্ত্ৰীয়ে পাটাৰকুছিৰ কোঁৱাৰাৰ বিছপইণ্টত বান আক্ৰান্তই দিয়া অভিযোগ গুৰুত্বসহকাৰে লৈ শীঘ্ৰে সমস্যা সমাধানৰ বাবে নিৰ্দেশ দিয়ে কৰ্তৃপক্ষক৷

ইফালে বিয়লি বৰপেটা সত্ৰ আৰু পাটবাউসী সত্ৰও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে৷ এই দুখন সত্ৰও এইবাৰৰ বানত আক্ৰান্ত হৈছিল

Leave A Reply

Your email address will not be published.