danewsplus.com
danewsplus.com

সঘনাই কিয় বিদেশ যাত্ৰা প্ৰধানমন্ত্ৰীৰ?

0 119

ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী মোদী৷ মোদীয়ে ভ্ৰমণ কৰিব জাৰ্মানী আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী৷ দুদিনীয়া কাৰ্যসূচীৰে আজি জাৰ্মানীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী৷ মোদীয়ে এই ভ্ৰমণকালত জাৰ্মানীৰ স্লছ এলমাউত অনুষ্ঠিত হ’বলগীয়া G-7 ৰাষ্ট্ৰগোষ্ঠীৰ বৈঠকত অংশগ্ৰহণ কৰিব৷ জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ ছল্টছকো মোদীয়ে সাক্ষাৎ কৰাৰ কথা৷

ইয়াৰ উপৰি মিউনিখত মোদীয়ে ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও কথা-বতৰা পাতিব৷ জাৰ্মানীৰ পৰা মঙলবাৰে মোদী উপস্থিত হ’ব সংযুক্ত আৰৱ আমীৰশ্বাহীত৷ সংযুক্ত আৰৱ আমীৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ মৃত্যুত দেশখনৰ নেতৃবৰ্গক সমবেদনা জনাব মোদীয়ে৷

Leave A Reply

Your email address will not be published.