danewsplus.com
danewsplus.com

আবকাৰী কৰ বৃদ্ধিৰ ফলত কিবা লাভ হৈছেনে চৰকাৰৰ

0 176

ডিজিটেল ডেস্কঃ

বাৰে বাৰে বৃদ্ধি হৈছে আবকাৰী কৰ
কিন্তু বিপৰীতে ৰাজহ বাঢ়িছেনে চৰকাৰৰ ঘৰত?
বিধানসভা কমিটীৰ সন্মুখত জবাবদিহি হ’ল আবকাৰী বিভাগ
আন্তঃগাঁথনি উন্নয়নৰ নামত কিয় টকা খৰচ কৰিব পৰা নাই GMCH-এ?
কি উত্তৰ দিলে বিধানসভা কমিটীক?

ৰাজহ বৃদ্ধিৰ নামত বাৰে বাৰে বৃদ্ধি হৈছে সুৰাৰ কৰ৷ কিন্তু সুৰাৰ কৰ বৃদ্ধি কৰি ৰাজহ সংগ্ৰহ কৰিব বিচৰা চৰকাৰৰ ঘৰত কিমান বৃদ্ধি হৈছে সুৰাৰ ৰাজহ? এই প্ৰশ্নৰ উত্তৰ ওলাল অসম বিধানসভাৰ পাব্লিক একাউণ্টছ কমিটীৰ বৈঠকত৷

আবকাৰী বিভাগৰ ৰাজহৰ হিচাপক লৈ অসন্তুষ্ট গাণনিক বিষয়া
আবকাৰী ৰাজহৰ খাটাত ৰাজহ ক্ষতিৰহে হিচাপ
কিয় ৰাজহ হেৰুৱাই আছে আবকাৰী বিভাগে?
সমগ্ৰ বিষয় আহিল বিধানসভা কমিটীৰ পৰ্যালোচনালৈ

আবকাৰী বিভাগে গাণনিক বিষয়ালৈ প্ৰেৰণ কৰা হিচাপ মতে কেইবাটাও ক্ষেত্ৰত বিভাগটোৱে হেৰুৱাই আছে ৰাজহ৷ কিন্তু বাৰে বাৰে সুৰাৰ কৰ বৃদ্ধি কৰাৰ বিপৰীতে বিভাগে ৰাজহ হেৰুওৱাৰ তথ্য প্ৰেৰণ কৰাক লৈ অসন্তুষ্ট মহাগাণনিক বিষয়া চমুকৈ AG৷ যাৰ বাবেই অসম বিধানসভা

Public Accounts Commiteeৰ ওচৰত জবাবদিহি হ’ল আবকাৰী বিভাগ
ৰাজহ হেৰুওৱাৰ কাৰণ বিচাৰিলে বিধানসভা কমিটীয়ে

বিধায়ক ৱাজেদ আলী চৌধুৰীৰ অধ্যক্ষতাত গঠিত অসম বিধানসভাৰ PAC কমিটীৰ আগত কাৰণ বৰ্ণনা কৰে আবকাৰী বিভাগে৷ ৰাজহ হেৰুওৱা সন্দৰ্ভত কেইবাটাও কাৰণ বিভাগৰ মুৰব্বীয়ে বৰ্ণনা কৰে যদিও কেইবাটাও বিষয়ত অসন্তুষ্টি প্ৰকাশ বিধানসভাৰ পিএচি কমিটীৰ৷ কি ধৰণে কমিটীয়ে আবকাৰী বিভাগৰ মুৰব্বীক জবাবদিহি কৰিছে শুনক কমিটীৰ অধ্যক্ষ ৱাজেদ আলী চৌধুৰীৰ মুখেৰে৷

ইপিনে স্বাস্থ্য বিভাগৰো কেইবাটাও বিষয় আহিল পাব্লিক একাউণ্টছ কমিটীৰ সন্মুখলৈ৷ বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ নামত আবণ্টন হোৱা পুঁজি ব্যয় নকৰাক লৈ জবাবদিহি হয় স্বাস্থ্য বিভাগৰ মুৰব্বী৷

কিয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে খৰচ কৰিব নোৱাৰিলে আৱণ্টিত ধন?
আন্তঃগাঁথনি উন্নয়নৰ নামত অহা ৬০০ কোটি টকা নহ’ল কিয় ব্যয়

এই ক্ষেত্ৰত কাৰণ বৰ্ণনা কৰিলে বিভাগীয় মুৰব্বীসকলে৷ কিন্তু কমিটীৰ সন্মুখত বিভাগসমূহে দাঙি ধৰা উত্তৰত সম্পূৰ্ম সন্তুষ্ট হ’বনে বিধানসভা কমিটী? যদিহে কমিটীৰ সন্মুখত বিভাগসমূহে দাঙি ধৰা তথ্য আৰু কাৰণৰ ত্ৰুটি ওলায়, তেনেহ’লে বিধানসভাৰ ৰোষত পৰিব পাৰে এইসমূহ বিভাগ৷

Leave A Reply

Your email address will not be published.