danewsplus.com
danewsplus.com

বানত ডুবিছে বিদ্যালয়, পানী ভাঙি ভাঙি বিদ্যালয়মুখী ছাত্ৰ-ছাত্ৰী

0 141

ডিজিটেল ডেস্কঃ

বানৰ কবলত শিক্ষানুষ্ঠান
বিদ্যালয়ত একাঁঠু-একঁকাল পানী
পানী ভাঙি ভাঙি বিদ্যালয়মুখী ছাত্ৰ-ছাত্ৰী

মুষলধাৰ বৰষুণত ৰাজ্যত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি৷ এইখন তামাৰহাটৰ বাসন্তীপুৰৰ এল পি স্কুল৷ বিদ্যালয়ৰ চৌহদ বুৰাই পেলাইছে বানে৷ পানী ভাঙি ভাঙি বিদ্যালয়লৈ আহিছে ছাত্ৰ-ছাত্ৰী৷

এইবাৰ চাওক বিজনীৰ দৃশ্য৷ বিজনীৰ মতিলাল বগৰীয়া মজলীয়া বিদ্যালয় বুৰিছে বানত৷ কৃত্ৰিম বানৰ বাবেই সৃষ্টি হ’ল এই পৰিস্থিতি৷

বানৰ কবলত পৰিছে ধুবুৰী চহৰৰ জাৱহৰ হিন্দী হাইস্কুল৷ শ্ৰেণীকোঠা বুৰিছে বানত৷ পৌৰসভাই নলা-নৰ্দমা চাফা নকৰাৰ ফলতেই এই ভয়ংকৰ পৰিস্থিতি বিদ্যালয়ত৷

এইবাৰ চাওক তামুলপুৰত এয়া ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়মুখী যাত্ৰা৷ যিকোনো সময়তেই বিপদ ঘটাৰ আশংকা৷ মুঠতে বানে দিশহাৰা কৰিছে সকলোকে৷ যাৰ পৰা সাৰি যাব পৰা নাই কণ কণ ছাত্ৰ-ছাত্ৰীসকলো৷

Leave A Reply

Your email address will not be published.