danewsplus.com
danewsplus.com

ব্যক্তিগত মহাবিদ্যালয়, বিশ্ববিদ্যালয়ক লৈ কঠোৰ ৰাজ্য চৰকাৰ

0 73

ডিজিটেল ডেস্কঃ ব্যক্তিগত মহাবিদ্যালয়, বিশ্ববিদ্যালয়ক লৈ কঠোৰ ৰাজ্য চৰকাৰ
বাৰ্ষিক আয়-ব্যয়ৰ হিচাপ লাগে শিক্ষা বিভাগক
মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহলৈ পত্ৰ প্ৰেৰণ চৰকাৰৰ

ছাত্ৰ-ছাত্ৰীৰ পৰা যধে-মধে মাছুল লোৱা, শিক্ষক-কৰ্মচাৰীক সামান্য মাননীৰ বিনিময়ত নিয়োগ কৰা আদি অভিযোগ একাংশ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে সময়ে সময়ে উত্থাপন হৈ আহিছে৷ সমগ্ৰ বিষয়টোক লৈ এইবাৰ হস্তক্ষেপ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ৷

ব্যক্তিগত শিক্ষানুষ্ঠানলৈ ৰাজ্য চৰকাৰৰ পত্ৰ
বিদ্যালয়ৰ সম্পূৰ্ণ তথ্য লাগে বিভাগক

প্ৰথমে চাওক এইখন পত্ৰলৈ৷ পত্ৰখনৰ জৰিয়তে ব্যক্তিখণ্ডৰ মহাবিদ্যালয়সমূহক দিয়া হৈছে জৰুৰী নিৰ্দেশ৷
হিচাপ লাগে বাৰ্ষিক আয়-ব্যয়ৰ
অকল হিচাপেই নহয় কি পদ্ধতিৰে ব্যক্তিগত বিদ্যালয়সমূহে চৰকাৰক তথ্য দিব লাগি তাৰো বিশেষ তালিকা জাননীৰ জৰিয়তে প্ৰেৰণ কৰিছে চৰকাৰে৷

কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ সংখ্যা
শিক্ষক-কৰ্মচাৰীৰ দৰমহাৰ তথ্য
ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহীত মাছুলৰ তথ্য
ব্যক্তিগত বৰঙণি
চৰকাৰী অনুদান
অনন্যা আয়ৰ উৎস

উল্লেখ্য যে পত্ৰ পাই এতিয়া হাহাকাৰ লাগিছে ব্যক্তিগত মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ সমূহত৷ বিদ্যালয়সমূহে চৰকাৰক যদিও
তথ্য দিয়াৰ শেষ সময়সীমা ৩জুন
তথ্য দিব পৰা নাই বহু বিদ্যালয়ে

যাৰ বাবে সমসীমা শেষ হৈ যোৱাৰ পিছতো একাংশ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ে দিব পৰা নাই চৰকাৰে বিচৰা হিচাপ৷ সেয়েহে তথ্য দাখিল নকৰা বিদ্যালয়সমূহলৈ পূণৰ জাননী প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে৷ ইয়াৰ সমান্তৰালকৈ
হিচাপ বিচৰাৰ যো-জা চলাইছে প্ৰাথমিক-মাধ্যমিক সঞ্চালকায়লে
ব্যক্তিগত মাধ্যমিক-প্ৰথমিক বিদ্যালয়েও দিব লাগিব আয়-ব্যয়ৰ বাৰ্ষিক হিচাপ

মুঠতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বিৰুদ্ধে যে চৰকাৰ কঠোৰ হৈছে সেয়া প্ৰায় স্পষ্ট৷ কিন্তু কঠোৰ হোৱা চৰকাৰখনে ইমানৰ পিছতো বিভিন্ন অভিযোগ উত্থাপন হোৱা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক নাকী লগাব পাৰিবনে? সেয়া সময়ত স্পষ্ট হ’ব ৷

Leave A Reply

Your email address will not be published.