danewsplus.com
danewsplus.com

সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা এখন বিশেষ নিম্ন প্ৰাথমিক বিদ্যালয়, ক’ত আছে এই বিদ্যালয়খন?

0 196

ডিজিটেল ডেস্ক: চৰকাৰী খণ্ডৰ বিদ্যালয় বুলিলেই সাধাৰণতে মন কোছ খাই আহে বহুতৰে৷ পিছে হাইলাকান্দিৰ এখন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ কাটলিছৰা শিক্ষা খণ্ডৰ ২৫৩ নং হৰিশনগৰ নিম্ন প্ৰাথমিক বিদ্যালয়খনে বৰাকৰ আটাইতকৈ স্বচ্চ বিদ্যালয়ৰ সন্মান লাভ কৰিছে৷

এই বিদ্যালয়খনৰ অনাময় ব্যৱস্থা, শ্ৰেণীকোঠাৰ মান, পানীযোগান আদি তুলনা নহয় আন বিদ্যালয়ৰ সৈতে৷ বিদ্যালয়খনৰ বাৰীৰ শাক-পাচলিৰে প্ৰস্তুত কৰা হয় মধ্যাহ্ন ভোজনৰ আহাৰ৷ চৰকাৰী অনুদানৰ উপৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ নিজস্ব প্ৰচেষ্টাত বিদ্যালয়খনে এই ৰূপ লাভ কৰিছে৷

কিন্তু ১৭৩গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়খনত আছে মাত্ৰ দুজন শিক্ষক৷ বিদ্যালয়খনত আৰু দুজন শিক্ষক নিযুক্তিৰ বাবে চৰকাৰক অনুৰোধ জনাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে৷

Leave A Reply

Your email address will not be published.