danewsplus.com
danewsplus.com

অসম চৰকাৰৰ ৬ বিভাগৰ বিৰুদ্ধে কঠোৰ হ’ব অসম বিধানসভা

0 338

অসম বিধানসভাৰ ৰোষত ৰাজ্য চৰকাৰ
৬ বিভাগৰ বিৰুদ্ধে কঠোৰ হ’ব অসম বিধানসভা
সদনত ভুল তথ্য দিয়াৰ অভিযোগ
বিশেষ অধিকাৰ ভংগৰ অভিযোগ Public Petition Committeeৰ

কি চলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰত৷ চৰকাৰৰ কেইবাটাও বিভাগৰ বিৰুদ্ধে ভুল তথ্য দিয়াৰ অভিযোগ অসম বিধানসভাৰ৷ এবাৰ-দুবাৰ নহয় কেইবাবাৰো ভুল তথ্য দি অসম বিধানসভাক বিপথে পৰিচালনা কৰাৰ অভিযোগ ৰাজ্য চৰকাৰৰ ৬টাকৈ বিভাগৰ বিৰুদ্ধে৷

শিক্ষা, স্বাস্থ্য, বন, যুৱ কল্যাণ, লোকনিৰ্মাণ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন

এই ৬টাকৈ বিভাগে বিগত সময়ছোৱাত অসম বিধানসভা সদনত ভুল তথ্য দিয়াৰ প্ৰমাণ লাভ কৰিছে

অসম বিধানসভাৰ দ্বাৰা গঠিত Public Petition Committee-এ

বিধায়ক তেৰছ গোৱালাৰ অধ্যক্ষতাত গঠিত এই কমিটীখনে সাধাৰণ ৰাইজৰ আবেদনসমূহৰ পৰীক্ষা কৰি সংশ্লিষ্ট বিভাগৰ পৰা উত্তৰ গ্ৰহণ কৰে৷ কিন্তু বিগত সময়ছোৱাত কেইবাটাও বিভাগে ৰাইজৰ আবেদনসমূহক লৈ চৰকাৰক বিপথে পৰিচালনা কৰাৰ অভিযোগ কমিটীৰ অধ্যক্ষ তেৰছ গোৱালাৰ লগতে কমিটীৰ সদস্য তথা বিধায়ক শ্বেৰমান আলীৰ৷
অনিয়মত ধৰা পৰিল শিক্ষা বিভাগৰ
ভুল তথ্য দিয়াৰ প্ৰমাণ পঞ্চায়ত, যুৱ কল্যাণ, লোকনিৰ্মাণ, বন, স্বাস্থ্য বিভাগত

যাক লৈ এতিয়া কঠোৰ হ’ব অসম বিধানসভা৷ অসম বিধানসভাই গঠন কৰা Public Petition Committee যে দুৰ্বল নহয় তাক পুনৰ প্ৰমাণ কৰিবলৈ সাজু কমিটীৰ অধ্যক্ষ তেৰছ গোৱালা৷ ৰাজহুৱা স্বাৰ্থজনিত বিষয় এটা চৰকাৰৰ বিভাগসমূহে স্বয়ং সদনৰ মজিয়াত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ পৰিণাম কি হ’ব শুনক অধ্যক্ষ তেৰছ গোৱালাৰ মুখেৰে৷
বিশেষ অধিকাৰ কমিটীৰ কাঠগড়াত উঠিব লাগিব বিভাগসমূহৰ মুৰব্বী

মুঠতে কঠোৰ হ’ব অসম বিধানসভা৷ অসম বিধানসভাত ভুল তথ্য দিয়া বিভাগসমূহক নাকী লগাবলৈ সাজু হৈছে অসম বিধানসভা কমিটী৷ কিন্তু বাৰে বাৰে একেটা কামকে কৰি অহা ৰাজ্য চৰকাৰৰ বিভাগ সমূহক নাকী লগাবলৈ সক্ষম হ’বনে Public Petition Committee-এ৷ সেয়া সময়তহে স্পষ্ট হ’ব৷

Leave A Reply

Your email address will not be published.