danewsplus.com
danewsplus.com

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰ আক্ৰান্ত জটিল ৰোগত

0 174

ডিজিটেল ডেস্কঃ এটা অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰ ৷ সৰুৰে পৰা পৰা পঢ়াৰ ক্ষেত্ৰত সুনাম কঢ়িয়াইছিল সি ৷ মেট্ৰিক পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হৈ ঘৰ খনৰ লগতে গাঁও খনৰ নাম উজলাইছিল সি ৷ উচ্চতৰ মাধ্যমিকতো বিজ্ঞান শাখাত অধ্যয়ন কৰি সুখ্যাতিৰে প্ৰথম স্থান দখল কৰিছিল ৷ ইয়াৰ পিছতেই অভিযন্তা হোৱাৰ সপোন মনত পুহি ৰখা ছাত্ৰ জনক খেতি কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃয়ে গাঁঠিৰ ধন খৰচ কৰি যোৰহাটৰ এখন আগশাৰী শিক্ষানুষ্ঠান প্ৰিঞ্চ অফ ওৱেলচ পলিটেকনিকত ইলেকট্ৰিকেল বিভাগত নাম লগাই দিয়ে ৷ এতিয়া সি দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ ৷ কিন্তু হঠাৎ যেন ছাত্ৰ জনৰ জীৱনলৈ নামি আহিছে কাল অমানিশা ৷ ছাত্ৰ জন আক্ৰান্ত হৈছে জটিল কৰ্কট ৰোগত ৷ তিনিচুকীয়া জিলা কাকপথাৰৰ শদিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গাঁও মৃদংপৰা ৷ সমষ্টিটোৰ মাইঠং গাঁও পঞ্চায়ত অন্তৰ্গত এই গাঁৱৰে এটা অতি দৰিদ্ৰ পৰিয়ালৰ গকুল গগৈ আৰু জ্যোতি গগৈৰ পুত্ৰ মিন্টু গগৈ (২১) আক্ৰান্ত হৈছে জটিল বন’ কেঞ্চাৰত ৷ মেধাৱী ছাত্ৰ জনে নিজৰ মেধাৰে জিনিছিল গাঁওবাসীৰ মন ৷ মনত পুহি ৰাখিছিল এজন অভিযন্তা হোৱাৰ সপোন ৷ কিন্তু বিধাতাই যেন ছাত্ৰ জনৰ সপোন পূৰন হবলৈ নিদিয়ে ৷ হথাৎ অসুস্থ হৈ পৰা ছাত্ৰ জনক ভৰ্তি কৰে যোৰহাট মেডিকেল কলেজত ৷ যোৱা ১১ মে তাৰিখে যোৰহাট মেডিকেল কলেজৰ চিকিৎসকে জটিল কৰ্কট ৰোগৰ সন্দেহ কৰি মিন্টুক মুম্বাইৰ টাটা মেমৰিয়েল হস্পিতাললৈ প্ৰেৰন কৰে ৷ মুম্বাইত সকলো পৰীক্ষা কৰাৰ পাছত মিন্টুৰ বন’ কেঞ্চাৰ হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ ইয়াৰ পাছতেই যেন মিন্টুৰ লগতে দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত সৰগ ভাগি পৰিল ৷ কাল আন্ধাৰে যেন চানি ধৰিল অভিযন্তা হোৱাৰ সপোন মনত পুহি ৰখা মেধাৱী ছাত্ৰ মিন্টুৰ দৰিদ্ৰ পৰিয়ালটিক ৷ গাঁঠিৰ ধন খৰচ কৰি পিতৃয়ে পঢ়ুৱাইছিল মিন্টুক ৷ এতিয়া কি দৰে নিজ পুত্ৰৰ অতি ব্যয়বহুল চিকিৎসাৰ খৰচ বহন কৰে দৰিদ্ৰ পৰয়ালটিয়ে ৷ ঘৰৰ মাটি ভেটিও বন্ধকত থৈ সৰ্বস্ৰান্ত হৈ পৰিল পৰিয়ালটি ৷

এই পৰ্যন্ত গাঁওবাসীয়ে যিয়ে যেনকৈ পাৰে পাৰ্যমানে সহায় কৰিছে ৷ উপায়হীন হৈ দৰিদ্ৰ পৰিয়ালটিৰ মেধাৱী ছাত্ৰ মিন্টু গগৈৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে ৰাজ্য চৰকাৰ মূখ্যমন্ত্ৰী ,স্বাস্থ্য মন্ত্ৰী , বিধায়ক বলিন চেতিয়াৰ লগতে অসমবাসী আৰু দল সংগঠন , সু হৃদয়বান লোকৰ পৰা বিচাৰিছে সহায় ৷ বৰ্তমান মুম্বাইৰ টাটা মেমৰিয়েল হস্পিতালত চিকিৎসাধীন হৈ থকা মিন্টুৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন কেইবালক্ষাধিক টকাৰ ৷ যদি কোনো সু-হৃদয়ৱান সদাশয় ব্যক্তিয়ে এই দৰিদ্ৰ পৰিয়ালটিক উদ্ধাৰ কৰি মিন্টুৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব বিছাৰে তেন্তে SBI বেংক একাউণ্ট
Mintu Gogoi__ 36214300030
IFSC: SBIN0017252
Rupai Siding Branch ৰ নম্বৰত আৰ্থিক ভাৱে সহায় কৰিব পাৰিব ৷ আপোনাৰ অকনমান সহায়ে এটা মেধা হেৰাই যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব ৷

Leave A Reply

Your email address will not be published.