danewsplus.com
danewsplus.com

প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাৰ গ্ৰন্থলৈ ইণ্টাৰনেচনেল বুকাৰ বঁটা

0 117

ডিজিটেল ডেস্কঃ ভাৰতীয় ভাষাত ৰচিত গ্ৰন্থলৈ চলিত বছৰৰ ইণ্টাৰনেচনেল বুকাৰ বঁটা ৷ গীতাঞ্জলি শ্ৰীৰ হিন্দী ভাষাত ৰচিত উপন্যাস ‘ৰেত সমাধি’লৈ আগবঢ়োৱা হৈছে এই সন্মান ৷ এই উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছে ডেইজী ৰকৱেলে৷ প্ৰথমবাৰৰ ভাৰতীয় ভাষাৰ কোনো গ্ৰন্থই লাভ কৰিলে ইণ্টাৰনেচনেল বঁটা৷ ‘ৰেত সমাধি’ উপন্যাসখনৰ লেখিকা গীতাঞ্জলি শ্ৰীৰ জন্ম উত্তৰ প্ৰদেশত৷ বৰ্তমান তেওঁ দিল্লী নিবাসী ৷ ইতিমধ্যে তেওঁৰ তিনিখন উপন্যাস আৰু কেইবাটাও গল্প সংকলন প্ৰকাশ পাইছে৷ তেওঁৰ ৰচনা ইংৰাজীৰ উপৰি ফৰাচী, জাৰ্মান, ছাৰ্বিয়ান আৰু কোৰিয়ান ভাষালৈ অনুদিত হৈছে৷ অনুবাদিকা ডেইজী ৰকৱেলে বাস কৰে আমেৰিকাত৷ ৰকৱেল এগৰাকী চিত্ৰ শিল্পী, লেখিকা আৰু অনুবাদিকা৷ হিন্দী আৰু উৰ্দু ভাষাৰ ভালেকেইগৰাকী লেখক-লেখিকাৰ গুৰুত্বপূৰ্ণ ৰচনা তেওঁ ইংৰাজীলৈ অনুবাদ কৰিছে৷ এই বঁটাৰ ধন সমানে ভগাই দিয়া হ’ব লেখিকা আৰু অনুবাদিকাক৷ এইবাৰ বুকাৰ বঁটাৰ তালিকাত আছিল ১৩খন গ্ৰন্থ৷ চাৰিখন মহাদেশৰ ১২খন দেশৰ ১১টা ভাষাৰ পৰা বিভিন্ন অনুবাদকে অনুবাদ কৰিছিল এই গ্ৰন্থকেইখন৷

Leave A Reply

Your email address will not be published.