danewsplus.com
danewsplus.com

নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ ৰায়, ১০ এচিড আক্ৰমণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

0 153

ডিজিটেল ডেস্কঃ ২খন আদালতৰ ২টাকৈ গুৰুত্বপূৰ্ণ ৰায়
অন্ধবিশ্বাস, নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ আদালত
১০ এচিড আক্ৰমণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড
ডাইনী সজাই ৩ সন্তানৰ মাতৃক হত্যা কৰা দোষীকো যাৱজ্জীৱন কাৰাদণ্ড

অন্ধবিশ্বাস, নাৰী নিৰ্যাতনৰ ঘটনাই ৰাজ্যবাসীক উদ্বিগ্ন কৰি ৰখাৰ লগতে ৰাজ্যৰ দুখনকৈ আদালতত দুটাকৈ গুৰুত্বপূৰ্ণ ৰায়ে আশাৰ সঞ্চাৰ কৰিছে৷

বাক্সাৰ জিলা সত্ৰ ন্যায়াধীশৰ এচিড আক্ৰমণৰ ঘটনাক গুৰুত্বপূৰ্ণ ৰায়
দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডীত কৰিলে আদালতে
ভুক্তভোগীক ৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

২০১৬চনত বাক্সাৰ উত্তৰ খন্দিকৰ গাঁৱত ঘটিছিল লোমহৰ্ষক ঘটনা৷ ছাইদুল ইছলাম নামৰ এজনে এচিডেৰে আক্ৰমণ কৰিছিল এগৰাকী যুৱতীক৷ তামুলপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আদালতে দিয়া এই ৰায়৷ দীৰ্ঘদিনে অপেক্ষা কৰি অৱশেষত ন্যায় পায় সন্তুষ্টি লাভ কৰিছে ভুক্তভোগীয়ে৷ ভৱিষ্যতো সুখৰ হ’ব বুলি আশা ভুক্তভোগীৰ৷

ইফালে ‘ডাইনী’ হত্যাৰ অভিযোগত ১০ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে৷ বিজনীৰ অতিৰিক্ত জিলা-সত্ৰ ন্যায়াধীশৰ এই ঐতিহাসিক ৰায়৷ ২০০১ত ‘ডাইনী’ সজাই ৩ নিৰীহক হত্যা কৰিছিল দুৰ্বৃত্তই৷

হত্যা কৰিছিল গাংগুলী-মালাৰাম-ফণীৰাম বসুমতাৰীক
অভিযুক্ত ১২ লোকে নিৰ্মমভাৱে হত্যা কৰিছিল তেওঁলোকক
বিচাৰাধীন অৱস্থাতে ২ অভিযুক্তৰ ইতিমধ্যে মৃত্যু

বাকী ১০ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিলে আদালতে৷ ৰাজ্য কঁপোৱা ২ ঘটনাৰ এই ৰায়ে সন্তুষ্টি দিছিল ভুক্তভোগী আৰু আত্মীয়ক৷

Leave A Reply

Your email address will not be published.