danewsplus.com
danewsplus.com

বটদ্ৰৱা থানা জ্বলাই ক’ত পলাল মাজিদা খাতুন আৰু ছাদ্দাম…

0 274

ডিজিটেল ডেস্কঃ ক’ত হেৰাল থানা জ্বলোৱা মাজিদা খাতুন
থানা জ্বলোৱাৰ পৰিকল্পনাত জড়িত ছাদ্দামৰো নাই সন্ধান

বটদ্ৰৱা থানা জ্বলাই অন্তৰ্ধান হোৱা মাজিদা খাতুন আৰু ছাদ্দাম আলীৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই৷ এইটোৱেই আছিল ছাদ্দাম আলী৷ থানা জ্বলোৱাৰ পৰিকল্পনা প্ৰকাশ কৰিছিল উত্তেজিত লোকৰ মাজত৷ লগে লগেই পৰিকল্পনামতেই কাম৷ বটলে বটলে পেট্ৰ’ল লৈ আহিল হিংসুকৰ দল৷ এইগৰাকী ছাবিনা৷ ছাবিনাই ৰখাই থোৱা বাইকত ঢালিছিল তেল৷ অৱশ্যে ঘটনাৰ দিনাই গ্ৰেপ্তাৰ হ’ল ছাবিনা খাতুন৷ ছাবিনাই তেল ঢলাৰ পিছত এই মাজিদা খাতুনে জুইশলা মাৰিছিল বাইকত৷ তাৰ পিছতেই দপ্দপাই জ্বলি উঠিছিল থানাখন৷ পিছে এতিয়াও জুইশলা মৰা মাজিদা আৰু ছাদ্দামৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে৷

থানা আক্ৰমণত জড়িত আন দুজনক গ্ৰেপ্তাৰ
ধৃত মজিবুৰ ৰহমান, আশ্ৰব আলী
বৰ্তমানলৈ থানা আক্ৰমণত জড়িত ৮ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ
চিনাক্ত কৰা হৈছে ৩৪ আক্ৰমণকাৰীক

সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বটদ্ৰৱা থানা আক্ৰমণত জড়িত আছিল ড্ৰাগ্ছ ব্যৱসায়ীয়ো৷ থানা আক্ৰমণ তাৎক্ষণিক ঘটা ঘটনা নাছিল৷ ছফিকুল ইছলামৰ মৃত্যুৰ অজুহাতত পূৰ্ব পৰিকল্পিতভাৱেই আক্ৰমণ কৰা হৈছিল থানাখনত৷ বুধবাৰে বটদ্ৰৱাত গৈ উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ কংগ্ৰেছৰ এটা সঁজাতি দল৷ আৰক্ষীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ আনিলে দেৱব্ৰত শইকীয়াই৷

হাঁহ পোৱাৰ পিছত মাহ কিনিবলৈ কিয় পইছা বিচাৰিছিল?
অসমত বুলডজাৰ সংস্কৃতি নচলিব

ধ্বংসস্তুপত পৰিণত হোৱা ছালনাবড়ীৰ উচ্ছেদস্থলীও পৰিদৰ্শন কৰে কংগ্ৰেছৰ দলটোৱে৷

Leave A Reply

Your email address will not be published.