danewsplus.com
danewsplus.com

কান চলচ্চিত্ৰ মহোৎসৱত উজলিল অসমীয়া ছবি

0 316

ডিজিটেল ডেস্কঃ অসমৰ চলচ্চিত্ৰ জগতক গৌৰাৱান্বিত কৰি ৭৫সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত উজলিল কেইবাখনো অসমীয়া ছবি ৷ মিছিং ভাষাত নিৰ্মিত ছবি বিশ্বজিৎ বৰাৰ পৰিচালিত বোম্বা ৰাইডে কঢ়িয়াই আনিলে সুনাম ৷ ৮ বছৰীয়া বোম্বাৰ শিক্ষাক লৈ কৰা সংগ্ৰামেই ‘বোম্বা ৰাইড’। বৰ্তমানো নিৰ্মাণ সম্পূৰ্ণ নোহোৱা বাঘজানেও অসমৰ চলচ্চিত্ৰপ্ৰেমীলৈ কঢ়িয়াই আনিলে সুখবৰ ৷ ‘Goes to Cannes’ শিতানত নিৰ্বাচিত জয় সিং দহোটীয়াৰ পৰিচালনাত নিৰ্মিত ছবি ‘বাঘজান’। কান মহোৎসৱ প্ৰাংগণত চৰ্চিত হ’ব ‘ছেমখৰ’। মহোৎসৱৰ মাৰ্কেট প্লেচত ‘ছেমখৰ’ চৰ্চিত হ’ব ৭ মিনিট।

Leave A Reply

Your email address will not be published.