danewsplus.com
danewsplus.com

ডিমা হাছাওত দুৰ্যোগ! স্তব্ধ জনজীৱন…

0 267

ডিজিটেল ডেস্ক: নেৰানেপেৰা বৰষুণে দুৰ্যোগৰ সৃষ্টি কৰিছে ডিমা হাছাওত৷ লামডিং-শিলচৰ ব্ৰডগেজ ৰে’ল লাইনৰ একাংশ বহি পৰিল এই দুৰ্যোগৰ বাবে৷ ফলত ব্যাহত হৈ পৰিছে ৰে’লৰ চলাচল৷ বাতিল কৰিবলগীয়া হৈছে কেইবাখনো ৰে’লৰ চলাচল৷ আজি যাত্ৰা কৰিবলগীয়া নিউ তিনিচুকীয়া-শিলচৰ এক্সপ্ৰেছখনৰ চলাচল বাতিল কৰা হৈছে৷ ১৬ মে’ত দেওঘৰ আৰু আগৰতলাৰ মাজত চলিবলগীয়া আগৰতলা এক্সপ্ৰেছ ৰে’লখনৰ যাত্ৰা বাতিল কৰা হৈছে৷ একেদৰে ৰাণী-কমলাপতি ৰে’লখনৰ চলাচল আংশিকভাৱে বাতিল কৰা হৈছে৷ ১৭ মে’ত যাত্ৰা কৰিবলগীয়া বাংগালোৰ কেণ্টনমেণ্ট স্পেচিয়েল বিশেষ ৰে’লখনৰ চলাচলো আংশিকভাৱে বাতিল কৰা হৈছে৷

Leave A Reply

Your email address will not be published.