danewsplus.com
danewsplus.com

জম্মু-কাশ্মীৰত তীৰ্থযাত্ৰীৰ বাছত অগ্নিকাণ্ড

0 198

জম্মু-কাশ্মীৰত তীৰ্থযাত্ৰীৰ বাছত অগ্নিকাণ্ড৷ থিতাতে প্ৰাণ হেৰুৱালে চাৰিজন তীৰ্থযাত্ৰীয়ে৷ আহত হ’ল আন ২০জন৷ বৈষ্ণুদেৱী মন্দিৰৰ পৰা কাট্ৰা-জম্মু পথেৰে জম্মুলৈ আহি থকা অৱস্থাত খনকত হঠাৎ জুই লাগে বাছখনৰ ইঞ্জিনত৷ মুহূৰ্ততে জুয়ে ছানি ধৰে গোটেই বাছখন৷

হাহাকাৰ লাগে যাত্ৰীসকলৰ মাজত৷ খিৰিকী ভাঙি বাহিৰলৈ জাঁপ দিলে ভালেসংখ্যক যাত্ৰীয়ে৷ অগ্নিনিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে নুমুৱালে এই জুই৷ আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় স্থানীয় চিকিৎসালয়ত৷

Leave A Reply

Your email address will not be published.