danewsplus.com
danewsplus.com

যোৰহাটত ভুৱা উকিলে পেলাইছে প্ৰৱঞ্চনাৰ জাল

0 92

ডিজিটেল ডেস্কঃ যোৰহাটত ভুৱা উকিলে পেলাইছে প্ৰৱঞ্চনাৰ জাল ৷ স্বামীক কাৰাগাৰৰ পৰা মুকলি কৰাৰ আশ্বাসেৰে এগৰাকী মহিলাৰ পৰা প্ৰৱঞ্চকে লুটিলে ১৫ হাজাৰ টকা ৷ পিছে ধন লৈ দীৰ্ঘদিনৰ পৰা পলাতক হৈ থাকিল পদুম কৰ্মকাৰ নামৰ ভুৱা উকিলটো ৷ দীৰ্ঘদিনৰ পৰা প্ৰৱঞ্চক পদুম কৰ্মকাৰক বিচাৰি নাপাই অৱশেষত মহিলাগৰাকী কাষ চাপিল যোৰহাট উকিল সন্থাৰ ৷ মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত যোৰহাট আদালত চৌহদত অধিবক্তা সমাজে পদুম কৰ্মকাৰক সোধা-পোছা কৰাত ওলাল উৰহি গছৰ ওৰ ৷ নিজকে উকিল বুলি পৰিচয় দিয়া পদুম কৰ্মকাৰে বহু ভুক্তভোগী পৰিয়ালৰ পৰা এনেদৰে ধন শৰাধ কৰি আহিছিল ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত উকিল সন্থাই যোৰহাট সদৰ থানাত ৰুজু কৰিছে এক গোচৰ ৷

Leave A Reply

Your email address will not be published.