danewsplus.com
danewsplus.com

উৎকট গৰম! অনুষ্ঠানৰ মাজতে নেহৰু ষ্টেডিয়ামত ঢলি পৰিল কেইবাগৰাকী আৰক্ষী জোৱান

0 294

ডিজিটেল ডেস্কঃ গৰমৰ বাবেই হওক বা আন কাৰণতে হওক নেহৰু ষ্টেডিয়ামত মঙলবাৰে কেইবাটাও অঘটন সংঘটিত হয়। ‘ৰাষ্ট্ৰপতিৰ নিচান’ প্ৰদান অনুষ্ঠানতে পেৰেডত অংশ লোৱা কেইবাগৰাকী বীৰাংগনা ঢলি পৰিল। পেৰেডৰ পিছতে ঢলি পৰিল বীৰাংগনাকেইগৰাকী।

ইফালে একেটা অনুষ্ঠানতে কেইবাজনো আৰক্ষী জোৱানো ঢলি পৰিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতেই এই অঘটন সংঘটিত হয়। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতেই শীৰ্ষ আৰক্ষী বিষয়াই তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়।

একেদৰে সংঘটিত হোৱা আন এটা অঘটন হৈছে ভাগি পৰিল আমোলাৰ বাবে সাজু কৰা প্লেটফৰ্ম। প্লেটফৰ্মৰ পৰা বাগৰি পৰিল DIG নিতুল গগৈ। আনহাতে পুৱাৰ ভাগত দৰ্শকৰ বাবে সাজু কৰা প্লেটফৰ্মো ভাগি পৰে।

Leave A Reply

Your email address will not be published.