danewsplus.com
danewsplus.com

৪ বছৰীয়া কণমানিক এৰি কিয় আলফা (স্বাঃ)লৈ গ’ল পিতৃ-মাতৃ ?

0 139

ডিজিটেল ডেস্কঃ ৪ বছৰীয়া কণমানিক এৰি পিতৃ-মাতৃ গ’ল ‘বিপ্লৱ’ কৰিবলৈ
দম্পতীৰ আলফা (স্বাঃ)ৰ গমনক লৈ তীব্ৰ চাঞ্চল্য তিনিচুকীয়াত
পুত্ৰ-বোৱাৰীক ঘৰলৈ ঘূৰি অহাৰ কাতৰ আহ্বান পিতৃৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আলফা স্বাধীনলৈ যাত্ৰা কৰিছে যুৱক-যুৱতীয়ে ৷ ইতিমধ্যে আলফালৈ গৈ আৰক্ষীৰ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত হৈছে বাইহাটাৰ মুক্তাপুৰৰ সঞ্জীৱ শৰ্মা আৰু বৰপেটাৰ ধনজিত দাস৷ এইবোৰৰ মাজতেই পোহৰলৈ আহিল চাঞ্চল্যকৰ ঘটনা ৷

কাকপথাৰৰ ১নং চেলেংগুৰি গাঁৱৰ এক দম্পতীয়ে যোগ দিছে আলফা (স্বাঃ)ত
অচ্যুত নেওগ আৰু মমতা নেওগ নামৰ স্বামী-স্ত্ৰীয়ে এৰি গৈছে ৪ বছৰীয়া সন্তানক
৪ বছৰীয়া কন্যা সন্তানক এৰি বিপ্লৱ কৰিবলৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বহুতে প্ৰশ্ন কৰিছে নিজৰ শিশু সন্তানক এৰি কেনে ধৰণৰ বিপ্লৱ কৰিবলৈ গৈছে অচ্যুত-মমতা৷ পুত্ৰ-বোৱাৰীৰ এই কাণ্ডক লৈ কিংকতৰ্ব্যবিমুখ হৈ পৰিছে অচ্যুতৰ পিতৃ-মাতৃ ৷ পুত্ৰ-বোৱাৰী আলফা স্বাধীনলৈ যোৱা বুলি তিনিচুকীয়াৰ এজন আৰক্ষী বিষয়াই জনায় অচ্যুতৰ পিতৃক ৷

৫ মে’ৰ পৰা কোনো যোগাযোগ নাই অচ্যুত-মমতাৰ
চেলেংগুৰিৰ মূল ঘৰলৈ দুয়োগৰাকী যোৱাৰে পৰা সন্ধানহীন হৈ আছে
আৰক্ষী বিষয়াই জনোৱাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা৷ অচ্যুতৰ পিতৃয়ে কণমানি কন্যাৰ কথা ভাবি দুয়োকে ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে ৷

এইগৰাকী অচ্যুত-মমতাৰ জীয়ৰী ৷ এতিয়া কণমানিজনীৰ সমস্ত দায়িত্ব ল’ব লগা হৈছে ককাক-আইতাকে ৷ বিদ্যালয়ৰ অনা-নিয়াৰ পৰা খোৱা-বোৱালৈকে ৷ কিন্তু এইদৰে কিমানদিন? তায়ো বিচাৰি আছে মাক-দেউতাকক ৷ কিন্তু প্ৰশ্ন হৈছে কিহৰ কাৰণে ঘটিছে আলফা গমনৰ এনে ঘটনা ? কিহৰ আশাত নিজৰ সন্তানকো এৰি ঢাপলি মেলিছে জংঘললৈ?

Leave A Reply

Your email address will not be published.