danewsplus.com
danewsplus.com

১৪ আৰু ১৭ মে’ত গুৱাহাটীত ভাওনা সমাৰোহ

0 94

ডিজিটেল ডেস্ক: নতুন চামৰ মাজত গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰৰ যোগে ৰাজ্যত ভাষিক আৰু সাংস্কৃতিক সম্প্ৰীতি বঢ়োৱা, যুৱ উচ্ছৃংখলতা নিবাৰণৰ উদ্দেশ্য আগত ৰাখি অহা ১৪ আৰু ১৭ মে’ত গুৱাহাটীত ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে। জনসাংস্কৃতিক অনুষ্ঠান ‘ইত্যাদি’য়ে ১৪ মে’ শনিবাৰে মহানগৰীৰ বামুণীমৈদামৰ জ্যোতিনগৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তনঘৰত প্ৰদৰ্শন কৰিব ‘বিপ্ৰ দামোদৰ আখ্যান’ নাটখনি৷

ডিগবৈৰ পদ্মনাভ নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰিবলগা নাটখনিৰ পৰিচালনা দীপেন বৰাৰ। গুৱাহাটীৰ ন মাইলস্থিত USTM বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৭ মে’ মঙলবাৰে উত্তৰ-পূবৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ সন্মুখত মাতৃভাষাত পৰিৱেশন কৰিব ‘বিপ্ৰ দামোদৰ আখ্যান’ নাটভাগ৷

যোৰহাটৰ মালৌ আলিৰ পাঞ্চজন্য নাট্যগোষ্ঠীয়ে অসমীয়া মাতৃভাষাত পৰিৱেশন কৰিবলগা নাটখনি পৰিচালনা কৰিব পূৰ্ণানন্দ দত্তই৷ সমাৰোহৰ লগত সংগতি ৰাখি ড০ পৰশমণি দাস আৰু মদনমোহন পাগবন্ধাৰ যুটীয়া সম্পাদনাত যুগুতোৱা ‘কদমকলি’ নামৰ মুখপত্ৰখনি উন্মোচন কৰা হ’ব। দুয়োদিনৰ কাৰ্য্যসূচীত সকলো সংস্কৃতিপ্ৰেমীৰ উপস্থিতি কামনা

Leave A Reply

Your email address will not be published.