danewsplus.com
danewsplus.com

টৰ্নাডোৰ সংহাৰ! ভাগি চূৰমাৰ সহস্ৰাধিক ঘৰ

0 130

ডিজিটেল ডেস্ক: আমেৰিকাত টৰ্নাডোৰ সংহাৰ৷ ঘণ্টাত ১৬৫ কিলোমিটাৰ বেগত টৰ্নাডোৱে ধাহি-মুহি নিলে কানছাছ প্ৰদেশৰ এটা অঞ্চল৷ ভাগি চূৰমাৰ হ’ল কেইবাশ বাসগৃহ৷ উৰুৱাই নিলে আন বহু ঘৰ৷ ৰাজ্যখনৰ মধ্যাঞ্চলত এই টৰ্নাডোৰ ফলত ধ্বংস হ’ল সহস্ৰাধিক ঘৰ৷ কোনো কোনো ঠাইত লাগিল জুই৷

টৰ্নাডোৰ এই সংহাৰত বিশেষভাৱে ক্ষতিগ্ৰস্ত হ’ল এন্ডোভাৰ চহৰখনৰ৷ বৰ্তমান এই অঞ্চলসমূহত গৃহহীন হৈ পৰিছে ১০ হাজাৰতকৈ অধিক লোক৷ আহত হ’ল কেইবাজনো লোক৷ ২১ মিনিট ধৰি টৰ্নাডোৱে ধৰি এই অঞ্চলসমূহত চলালে সংহাৰ৷

Leave A Reply

Your email address will not be published.