danewsplus.com
danewsplus.com

গাদী হেৰুৱালে ধৈৰ্যও হেৰাই নেকি? কোনে কোনে এৰিব কংগ্ৰেছ?

0 189

গাদী হেৰুৱালে ধৈৰ্যও হেৰাই নেকি?
ক্ষমতাৰ লালসাত বন্দী নেকি দলত্যাগী কংগ্ৰেছী?
৬ বছৰত বাঘা বাঘা নেতাৰ দলত্যাগ

দিছপুৰত একেৰাহে ১৫ টা বছৰ শাসনৰ বাঘজৰী ধৰি ৰাখিছিল কংগ্ৰেছে। কিন্তু ২০১৬ চনত কংগ্ৰেছক শাসনৰ গাদীৰ পৰা নমোৱাই গাদী দখল কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে। আৰু তেতিয়াৰ পৰাই কংগ্ৰেছত দলত্যাগৰ জোৱাৰ উঠা আৰম্ভ হ’ল।
সকলোৰে যেন গাদীত থকাৰহে মন!
প্ৰথমে আহো প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাৰ প্ৰসংগলৈ। ২০১৬ চনত কংগ্ৰেছে গাদী হেৰুওৱাৰ পিছতেই ভুৱনেশ্বৰ কলিতাইও হাত এৰি পদুমৰ শৰণাপন্ন হ’ল। সেই ভুৱনেশ্বৰ কলিতা বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সাংসদ হ’ল। ইয়াৰ পিছতেই কংগ্ৰেছ দল ত্যাগ কৰিলে বৰাকৰ তিনি প্ৰতাপী নেতাই।
প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু লক্ষীপুৰৰ প্ৰাক্তন বিধায়ক ৰাজদ্বীপ গোৱালা
দুয়োজনে কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা বসন পিন্ধিলে

বৰাকৰ আন এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেত্ৰী আছিল সুস্মিতা দেৱ।
লোকসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত সুস্মিতা দেৱেও সলনি কৰিলে ঠিকনা
অৱশ্যে সুস্মিতা দেৱে বিজেপিৰ পৰিৱৰ্তে যোগদান কৰিলে তৃণমূল কংগ্ৰেছত। ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঠিকনা সলনি কৰিলে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে। ক্ষমতাৰ লালসাত গেৰুৱা বসন পিন্ধিবলৈ বাধ্য হ’ল অজন্তা নেওগে। অজন্তা নেওগ বৰ্তমান শৰ্মা মন্ত্ৰীসভাৰ বিত্ত,সমাজ কল্যাণকে ধৰি বহুকেইটা বিভাগৰ মন্ত্ৰী। ইয়াৰ পিছতেই গেৰুৱা বসন পিন্ধাৰ দৌৰত আছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাই। ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা এই দুই নেতা জয়ী হৈছিল যদিও ক্ষমতাৰ লালসাত পৰি ৬ মাহৰ পিছতেই কংগ্ৰেছ দল ত্যাগ কৰিছিল দুই নেতাই। কংগ্ৰেছ দল ত্যাগ কৰি এই দুই নেতাই গেৰুৱা শিবিৰত যোগদান কৰি পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’ল।
প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ শান্তিয়াজ কুজুৰেৰো কংগ্ৰেছ ত্যাগ
এতিয়া বিজেপি দলৰ নেতা কুজুৰ
শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ

ৰাজ্যসভা নিৰ্বাচনত বেয়াকৈ ধৰাশায়ী হোৱাৰ পিছত কংগ্ৰেছীৰ ওচৰত নাক উলিয়াব নোৱাৰা হ’ল ৰিপুন বৰাই। সেয়ে ছোনিয়াৰ কংগ্ৰেছ ত্যাগ কৰি দিদিৰ তৃণমূল কংগ্ৰেছৰ শৰণাপন্ন হ’ল ৰিপুন বৰা। এই বাঘা বাঘা নেতাসকলৰ পিছত এইবাৰ দলত্যাগৰ চৰ্চাত আন এগৰাকী কংগ্ৰেছৰ প্ৰভাৱশালী নেত্ৰীৰ নাম।
কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ
দুই এদিনতে গেৰুৱাবসন পিন্ধিব কংগ্ৰেছী বিস্মিতাই
এওঁলোকৰ ওপৰিও আৰু বহু কংগ্ৰেছীয়ে দল ত্যাগ কৰি অগপ আৰু বিজেপিত যোগদান কৰিছে।
জুৰি শৰ্মা বৰদলৈ,পংকজ বৰবৰা, পাৰ্থ প্ৰতীম বৰা, ৰঞ্জন বৰাই পিন্ধিলে গেৰুৱা বসন
এতিয়া এইসকল নেতাক দেখাৰ পিছতে বহুতৰ মনলৈ প্ৰশ্ন আহিছে গাদী হেৰুৱালে ধৈৰ্যও হেৰাই নেকি?

Leave A Reply

Your email address will not be published.