danewsplus.com
danewsplus.com

মহানগৰীৰ উপকণ্ঠ তেতেলীয়াত ‘দমাহী ৰং আজে উৎসৱ’

0 503

ডিজিটেল ডেস্ক: কাৰ্বি সকলৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰে উজলি উঠিছে মহানগৰীৰ উপকণ্ঠ তেতেলীয়াৰ ফংআৰী৷ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কাৰ্বিসকলৰ ‘দমাহী ৰং আজে উৎসৱ’৷ এই উৎসৱ উপলক্ষে অনুষ্ঠিত হৈছে বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান৷ পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু পোছাকৰ মেলাও অনুষ্ঠিত হয়৷

পুৱা এই উৎসৱৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু কাৰ্বিসকলৰ উপাস্য দেৱতাৰ পূজা-অৰ্চনাৰে আৰম্ভ হয় এই উৎসৱ৷ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বন বিষয়া ড০ ফিৰফিলা বসুমতাৰীয়ে৷ পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা উদ্বোধন কৰে ডিমৰীয়া ট্ৰাইবেল সংঘৰ সভাপতি ৰত্নেশ্বৰ ৰংহাঙে৷ এই উৎসৱত মেঘালয়ৰ উপৰি কাৰ্বি আংলঙৰ কেইবাজনো জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ কথা৷

Leave A Reply

Your email address will not be published.