danewsplus.com
danewsplus.com

কিয় শ্ৰীলংকাত ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছে জৰুৰীকালীন অৱস্থা?

0 292

ডিজিটেল ডেস্কঃ শ্ৰীলংকাত দেখা দিছে ভয়ংকৰ অৰ্থনৈতিক সংকটে। প্ৰতিদিনেই অধিক বেয়াৰ ফালে ঢাল খাই গৈ আছে পৰিস্থিতি।

দ্বীপ ৰাষ্ট্ৰ খনত সকলোফালে কেৱল অন্ধকাৰ। পৰিস্থিতি ইমানেই বেয়াৰ ফালে ঢাল খাইছে যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে দেশখনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে।

এই জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰি ৰাষ্ট্ৰপতিয়ে কয় যে, দেশখনৰ সুৰক্ষা আৰু অত্যাৱশ্যকীয় সেৱাৰ ৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশ খনত বৰ্তমানে ঠায়ে ঠায়ে চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ জনতাই। যাৰ বাবেই এনে এক সিদ্ধান্ত লোৱা বুলি সাধাৰণ জনতাই মন্তব্য কৰিছে।

শুকুৰবাৰে ১ এপ্ৰিলৰ দিনাও ৰাষ্ট্ৰপতি ভৱনৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। শেষত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত পানী হিলৈ আৰু লাঠিচাৰ্জ কৰে।

বৰ্তমানে দেশখনত, খাদ্যৰ সংকট, বিদ্যুতৰ সংকট, পেট্ৰ’লৰ অভাৱ, ডিজেল ইতিমধ্যে শেষ আদি বিভিন্ন সমস্যাই দেখা দিছে। তাৰোপৰি প্ৰথম বাৰৰ বাবে এনে পৰিস্থিতি আহি পৰিছে যে কাগজৰ অভাৱত শিক্ষা খণ্ডও অচল হৈ পৰিছে। অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে পৰীক্ষা সমূহ।

উল্লেখযোগ্য যে, ভাৰতবৰ্ষতো ১৯৭৫ চনত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে ২১মাহ ভাৰতবৰ্ষত বলৱৎ আছিল জৰুৰীকালীন অৱস্থা।

Leave A Reply

Your email address will not be published.