danewsplus.com
danewsplus.com

ভাল খবৰ! কাজিৰঙাত বৃদ্ধি পালে গঁড়ৰ সংখ্যা

0 95

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সম্পন্ন হোৱা গঁড় পিয়লত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল ভাল খবৰ। ১৪ সংখ্যক পিয়লত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬১৩ টা গঁড়ৰ উপস্থিতিৰ কথা পোহৰলৈ আহে। উল্লেখ্য যে, ২০১৮ চনৰ পিয়লত এই সংখ্যা আছিল ২৪১৩ টা। অৱশ্যে ২০১৮ চনৰ পৰা ২০২২ চনকৈ বিগত ৪ বছৰত মৃত্যু হ’ল ৪০০ টা গঁড়ৰ। এই কথা সদৰি কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ২৬ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে চলা এই পিয়লত পোহৰলৈ অহা খবৰ অনুসৰি, মুঠ ২৬১৩ টা গঁড়ৰ অধিকাংশই প্ৰাপ্ত বয়স্ক অৰ্থাত ৬ বছৰৰ অধিক।

প্ৰাপ্ত বয়স্ত গঁড়ৰ মুঠ সংখ্যা ১৮২৩টা
৩ বছৰৰ পৰা ৬ বছৰৰ গঁড়ৰ সংখ্যা ৩৬৫ টা
এবছৰৰ পৰা ৩ বছৰৰ মাজৰ গঁড় ২৭৯ টা
১ এবছৰৰ তলৰ মুঠ গঁড় ১৪৬ টা

৫০ টা গঁড়ৰ সহায়েৰে মুঠ ৮৪ টা ভাগত ভাগ হৈ বিশেষজ্ঞ তথা বন বিভাগৰ দলে এই গণনা কাৰ্য সম্পন্ন কৰিছিল। উল্লেখ্য যে, এইবাৰৰ গণনাত ড্ৰোণ কেমেৰাৰো সহায় লোৱা হৈছিল। গঁড়ৰ সংখ্যা বৃদ্ধি হোৱা এই খবৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ কঢ়িয়াই আনিলে সুখৰ বতৰা।

Leave A Reply

Your email address will not be published.