danewsplus.com
danewsplus.com

পুনৰ তিক্ততাপূৰ্ণ হ’ব নেকি কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা ?

0 282

ডিজিটেল ডেস্কঃ কংগ্ৰেছেৰে মিত্ৰতা হ’লেও মিত্ৰ বুলি নাভাৱে AIUDFক ৷ সঁচাকৈয়ে মিত্ৰতাত তিক্ততা আহিছে নেকি দুয়োটা দলৰ মাজত? ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠিছে আজমলবাহিনী ৷

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীত অথন্তৰ
সংঘাত স্পষ্ট কংগ্ৰেছ-AIUDFৰ
AIUDFৰ প্ৰতি শলাগ নাই কংগ্ৰেছৰ
ক্ষোভিত আজমলবাহিনী

পুনৰ তিক্ততাপূৰ্ণ হ’ব নেকি কংগ্ৰেছ-AIUDFৰ মিত্ৰতা ৷ ৰাজ্যসভা নিৰ্বাচনত এখন আসন জয়ৰ স্বাৰ্থত বিৰোধী একলগ হোৱাৰ দাবী কৰিছিল ৰাজ্যৰ ২ বিৰোধী দল কংগ্ৰেছ-AIUDF-এ ৷ আন দুই বিৰোধী বিধায়ক বিধায়ক ৰাইজৰ দলৰ অখিল গগৈ আৰু CPI(M)ৰ মনোৰঞ্জন তালুকদাৰক লগত লৈ বিৰোধীৰ প্ৰাৰ্থী হিচাপে ৰিপুন বৰাক প্ৰক্ষেপ কৰিছিল বিৰোধী শিবিৰে ৷ কিন্তু

বিৰোধী ৰাজনীতিলৈ আহিল নতুন টুইষ্ট
পুনৰ তিক্ততাৰ দিশত কংগ্ৰেছ-AIUDFৰ ৰাজ্যসভাকেন্দ্ৰিক মিত্ৰতা

অসম কংগ্ৰেছ পেজৰ পৰা প্ৰকাশিত দুটা টুইট ৷ বিৰোধী বিধায়কসকলৰ সন্মুখত ভাষণ ৰাখিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙে ৷ মূলতঃ ৰাজ্যসভাক লৈ অনুষ্ঠিত বিৰোধী দলৰ বৈঠকখনত উপস্থিত থকাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ কিন্তু

শলাগ নল’লে AIUDFৰ
কংগ্ৰেছে অন্ধকাৰত ৰাখিলে AIUDFক

ৰিপুন বৰাৰ মনোনয়ন দাখিলৰ সময়ৰ য’ত বিৰোধীৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে যদিও ইয়াতো অন্ধকাৰত ৰখা হ’ল AIUDFক ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে AIUDF নেতৃত্ব৷ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দলটোৰ সাধাৰণ সম্পাদক জেহেৰুল ইছলামে ৷

ইফালে বিৰোধী ঐক্যৰ কথা কোৱা কংগ্ৰেছ-AIUDFৰ মাজত আৰম্ভ হোৱা শীতল যুঁজখনক লৈ খোচ মাৰিবলৈ নাপাহৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷

ৰাজ্যসভালৈ মাজত মাথোঁ দুটা দিন বাকী ৷ এনে প্ৰেক্ষাপটত প্ৰদেশ কংগ্ৰেছে এইদৰে AIUDFক অন্ধকাৰত ৰাখিব বিচৰা কাৰ্যই নিশ্চিতভাৱে প্ৰভাৱ পেলাব বিৰোধী ঐক্যত ৷ ইয়াৰ পৰণিতি কি হ’ব সেয়া স্পষ্ট হ’ব ৩১ মাৰ্চতহে।

Leave A Reply

Your email address will not be published.