danewsplus.com
danewsplus.com

মহিলা উপ পৰিদৰ্শক আধুনিকা বৰুৱালৈ কাছাৰৰ আৰক্ষী অধীক্ষকৰ প্ৰশংসা পত্ৰ

0 764

ডিজিটেল ডেস্কঃ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে মহিলা উপ পৰিদৰ্শক আধুনিকা বৰুৱাক প্ৰদান কৰিছে এক প্ৰশংসা পত্ৰ। ২০২১ বৰ্ষৰ ডিচেম্বৰ আৰু ২০২২ বৰ্ষৰ জানুৱাৰী মাহত আধুনিকা বৰুৱাই গোচৰ নিষ্পত্তিত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আৰক্ষী অধীক্ষকগৰাকীয়ে কালি বিয়লি আনুষ্ঠানিকভাবে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মহিলা উপ পৰিদৰ্শক আধুনিকা বৰুৱাক প্ৰদান কৰে এই প্ৰশংসা পত্ৰ।

সম্প্ৰতি আৰক্ষী বিষয়া আধুনিকা বৰুৱাই শ্ৰীকোণা পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত হৈ আছে। কম সময়ৰ ভিতৰতে আধুনিকা বৰুৱাই দক্ষতাৰে কৰ্তব্য পালন কৰি নিজকে সুদক্ষ আৰক্ষী বিষয়া হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে। অপৰাধীৰ বাবে এক সন্ত্ৰাসৰ নাম হৈছে আধুনিকা বৰুৱা। কিছুদিন পূৰ্বে অবৈধ কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই পঞ্চাশ লক্ষাধিক টকাৰ অবৈধ চেগুন কাঠ জব্দ কৰি বন বিভাগক চমজাই দিছিল আধুনিকা বৰুৱাই।

যোৱা ডিচেম্বৰ মাহত নলবাৰী জিলাৰ পৰা কাছাৰ জিলালৈ বিভাগীয় নীতি-নিয়মমতে বদলি হৈছিল আধুনিকা বৰুৱা। ইয়াৰ পূৰ্বেই নলবাৰী সদৰ, মুকালমুৱাকে ধৰি নলবাৰী জিলাৰ কেইবাখনো আৰক্ষী থানাত কৰ্তব্য পালন কৰিছিল আধুনিকা বৰুৱাই। মহামাৰী কোভিড-১৯ৰ বাবে ৰাজ্যত হোৱা প্ৰথম লকডাউনৰ সময়ছোৱাত আধুনিকা বৰুৱাই নলবাৰী জিলাৰ মুকালমুৱা থানাত কৰ্মৰত আছিল।

সেই সময়ছোৱাত লকডাউন অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল আধুনিকা বৰুৱা। লেডি সিংঘাম নামেৰে পৰিচিত হৈ পৰিছিল অঞ্চলজুৰি। আনহাতে আধুনিকা বৰুৱাৰ কৰ্মৰাজিত মানৱতাও প্ৰতিফলিত হৈছিল। প্ৰথম লকডাউনৰ সময়ছোৱাত বাটে-পথে ঘূৰি ফুৰা মানসিক ভাৰসাম্য হেৰুৱা লোকসকলক নিজ হাতে দুপৰীয়াৰ আহাৰ বনাইও খুৱাইছিল এইগৰাকী সুদক্ষ মহিলা আৰক্ষী বিষয়া আধুনিকা বৰুৱাই।

নলবাৰী জিলাত কৰ্মৰত হৈ থকাৰ সময়ছোৱাত ড্ৰাগছৰ বিৰুদ্ধেও সফল অভিযান চলাইছিল আধুনিকা বৰুৱাই। উল্লেখ্য যে আধুনিকা বৰুৱাই পাৰদৰ্শিতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ভবিষ্যতে আৰক্ষী বিভাগলৈ সুনাম কঢ়িয়াই আনিব বুলি আশাবাদী কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ।

Leave A Reply

Your email address will not be published.