danewsplus.com
danewsplus.com

আন এক ধৰ্ষণ কাণ্ড: মেট্ৰিক পৰীক্ষাৰ্থীক অপহৰণ কৰি ধৰ্ষণ তিনি পাষণ্ডৰ

0 585

জঘন্য! নৃশংস! কিমান অমানৱীয় হ’লে সংঘটিত কৰিব পাৰে এনে কাৰ্য?

ডিজিটেল ডেস্ক: গাড়ীগাঁৱৰ গণ ধৰ্ষণ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ধৰ্ষণ কাণ্ড। চিৰাং জিলাৰ বিজনীত সংঘটিত হৈছে এই দলবদ্ধ ধৰ্ষণৰ কাণ্ড। তিনি পাষণ্ডই দশম শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী ছাত্ৰীক অপহৰণ কৰি নি পথাৰৰ মাজত কৰিলে এই নৰকীয় ঘটনা।

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত বিজনীত সংঘটিত হৈছে এই ঘটনা।
পৰিয়ালৰ এজাহাৰৰ ভিত্তিত পাণবাৰী থানাৰ আৰক্ষীয়ে ছাইফুল ইছলাম(২৩) নামৰ এজন ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন দুজন ধৰ্ষণকাৰী জিয়াদুৰ ৰহমান(২১) আৰু মফিজ আলী(২০) পলাতক অৱস্থাত আছে। তিনিওৰে ঘৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং গৰাইমাৰীত।

আৰক্ষীয়ে তিনি পাষণ্ডক বিচাৰি অভিযান চলাই আছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, যোৱা ১০ মাৰ্চৰ সন্ধিয়া তিনি পাষণ্ডই ছাত্ৰী গৰাকীক অপহৰণ কৰি নি বৰপেটা জিলাৰ বগৰীগুৰীৰ এখন পথাৰত দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায় বুলি জানিব পৰা গৈছে। ছত ছাত্ৰী গৰাকীয়ে নিশা দুই মান বজাত স্থানীয় মানুহ এঘৰত সহায় বিচাৰি সোমোৱাত ধৰ্ষণ কাণ্ডৰ কথা পোহৰলৈ আহে।

কাইলৈ অনুষ্ঠিত হ’ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰীক গণ ধৰ্ষণ কৰা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। এইক্ষেত্ৰত ধৰ্ষণকাৰী কেইটাক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমুলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে দল সংগঠনৰ লগতে পৰিয়ালৰ লোকে। ৰক্ষীয়ে ধৰ্ষণকাণ্ডৰ চাৰিদিন উকলি যোৱাৰ পিছতো দুই পাষণ্ডক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষোভ উজাৰিছে এবিএমছুৱে।

Leave A Reply

Your email address will not be published.