danewsplus.com
danewsplus.com

যুদ্ধত বিধ্বস্ত ইউক্ৰেইন,ইউক্ৰেইনৰ নাৰীয়ে হাতত তুলি লৈছে বন্দুক

0 402

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ আক্ৰমণত ছাই-এঙাৰত পৰিণত হোৱা ইউক্ৰেইনত এতিয়াও যুদ্ধৰ বিভীষিকা ৷ ধাৰাসাৰ গোলাবৰ্ষণ, ক্ষেপণাস্ত্ৰৰ আঘাতত তচনচ হৈছে সকলো ৷ ইয়াৰ মাজতে ইউক্ৰেইনত দেখা গৈছে আন এক দৃশ্য ৷ দেশ ৰক্ষাৰ বাবে ইউক্ৰেইনৰ নাৰীয়ে যোগ দিছে সেনা বাহিনীত ৷ হাতত তুলি লৈছে মাৰণাস্ত্ৰ ৷ দেশ ৰক্ষাৰ বাবে ওলাই আহিছে যুদ্ধক্ষেত্ৰলৈ ৷ এনে এগৰাকী নাৰীয়ে ঘোষণা কৰিছে যে শিশুসকলক নিৰাপদ ঠাইত ৰখা হৈছে ৷ বিশ্ব নাৰী দিৱসৰ দিনা ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে এটা বিশেষ ভিডিঅ’৷
ইফালে, পুনৰ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ৷ ইউক্ৰেইনৰ ৫খন চহৰত ৰাছিয়াৰ এই যুদ্ধবিৰতি চহৰকেইখন
কীভ, খাৰকিভ, চেৰ্নিহিভ, ছুমী, মাৰিয়াপ’লত যুদ্ধবিৰতি
আবদ্ধ লোকক উদ্ধাৰৰ বাবে ৰাছিয়াৰ এই সিদ্ধান্ত

ইউক্ৰেইনত আবদ্ধক উদ্ধাৰৰ বাবে সাজু কৰা হৈছে হিউমেন কৰিড’ৰ ৷ ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰে এই কথা ৷ কিন্তু ইয়াৰ লগতে ইউক্ৰেইনৰ আন স্থানত চলি আছে ৰাছিয়াৰ অভিযান ৷ বিগত ২৪ ঘণ্টাত ৰাছিয়াৰ কেইবাখনো যুদ্ধ বিমান, হেলিকপ্টাৰ ভূপতিত কৰাৰ দাবী ইউক্ৰেইনৰ ৷ ইউক্ৰেইনত ৰাছিয়াৰ ১১ হাজাৰৰো অধিক সৈন্যৰ মৃত্যু হোৱা বুলিও দাবী কৰিছে ৷ অৰ্ধশতাধিক ৰাছিয়াৰ বিমান, হেলিকপ্টাৰ ধ্বংস কৰাৰো দাবী ইউক্ৰেইনৰ ৷ কিন্তু এনে দাবীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স্থিতিক লৰচৰ কৰিব পৰা নাই ৷ আনহাতে, আন্তঃৰাষ্ট্ৰীয় হেঁচা ৰাছিয়াৰ ওপৰত বৃদ্ধি কৰাৰ চেষ্টা চলাই আছে বিশ্বৰ বিভিন্ন দেশে ৷
জাপানে ৰাছিয়া আৰু বেলাৰুছৰ ওপৰত অধিক নিষেধাজ্ঞা জাৰি কৰিছে
ব্যৰ্থ হৈছে ৰাছিয়া-ইউক্ৰেইনৰ তৃতীয়লানি বৈঠক

প্ৰথম দুইলানি বৈঠকৰ দৰেই তৃতীয়লানি বৈঠকো ব্যৰ্থ হয় ৷ যুদ্ধক শেষ কৰাৰ সূত্ৰ ওলোৱা নাই, মাথোঁ দুইখন দেশে আবদ্ধ লোকৰ বাবে হিউমেন কৰিড’ৰ সৃষ্টিত গুৰুত্ব দিছে ৷ ইয়াৰ মাজতেই আন এক আতংক সৃষ্টিকাৰী খবৰ আহিছে ৷
বাল্টিক সাগৰত প্ৰৱেশ মাৰ্কিন যুদ্ধ জাহাজ
তৃতীয়লানি বৈঠকৰ পিছতে আমেৰিকাৰ এই সিদ্ধান্ত

ইউক্ৰেইনৰ ছুমীত অসামৰিক অঞ্চলত ৰাছিয়াৰ বোমাবৰ্ষণ কৰিছে ৷ বোমাবৰ্ষণত কেইবাজনো নিহত, আহত কেইবাজনো ৷ খাৰকিভতো বিমান আক্ৰমণত কমেও ৮জন নিহত, ২০০ আহত ৷ কিন্তু ৰাছিয়াৰো ক্ষতি হৈছে প্ৰচুৰ ৷ বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ শ শ কোটি টকা লোকচান হৈছে ৷ অৱশ্যে এই দাবী ইউক্ৰেইনৰ ৷

Leave A Reply

Your email address will not be published.