danewsplus.com
danewsplus.com

২০২১ৰ প্ৰশ্নকাকতেৰে ২০২২ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা

0 396

ডিজিটেল ডেস্কঃ ১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ পৰীক্ষাৰ পূৰ্বে বিতৰ্কত SEBA ৷ বিগত বৰ্ষৰ প্ৰশ্নকাকতেৰে চলিত বৰ্ষৰ মেট্ৰিক অনুষ্ঠিত কৰাৰ যো-জা কৰাক লৈ শিক্ষাৰ্থী, অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়া ৷ ছেবাই আনুষ্ঠানিকভাৱে বিগত বৰ্ষৰ প্ৰশ্নকাকতেৰে এইবাৰৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জাৰি কৰিছে অধিসূচনা৷ অধিসূচনাত উল্লেখ কৰিছে ক’ৰানা মহামাৰীৰ বাবে বিগত বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল৷ সেই বৰ্ষৰ প্ৰশ্নকাকত, উত্তৰবহীসমূহ এতিয়া অব্যবহৃত অৱস্থাত আছে ৷ সেই প্ৰশ্নকাকত তথা বহীসমূহ এইবাৰ পৰীক্ষাত ব্যৱহাৰ কৰিব পাৰি ৷

ছেবাৰ মতে, ই কাগজ অপব্যৱহাৰ ৰোধ কৰিব ৷ কিন্তু পৰীক্ষা নোহোৱা সত্ত্বেও ছেবাই পূৰ্বৰ পৰীক্ষা মাচুল আদায় কৰিছিল ছাত্ৰ-ছাত্ৰীৰ পৰা ৷ সেই মাচুল ছাত্ৰ-ছাত্ৰীক ঘূৰাই দিয়া নহ’ল ৷ লগতে ২০২২ৰ পৰীক্ষাৰ্থীসকলৰ পৰা সংগ্ৰহ কৰিছে প্ৰয়োজনীয় মাচুল ৷ মাচুল সংগ্ৰহ কৰাৰ পাছতো পুৰণি প্ৰশ্নকাকত অথবা উত্তৰবহী ব্যৱহাৰক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অভিভাৱকৰ মাজত ৷


Leave A Reply

Your email address will not be published.