danewsplus.com
danewsplus.com

চিন্তাৰ কাৰণ নাই! আপোনাৰ হাতত জাৱৰ থাকিলে ডাষ্টবিনে নিজেই নিব টানি

0 362

ডিজিটেল ডেস্কঃ দুধনৈ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতক প্ৰথম ষান্মাষিকত অধ্যয়নৰত এগৰাকী ছাত্ৰৰ অসাধাৰণ উদ্ভাৱনে এতিয়া লাভ কৰিছে চৰ্চা ৷ ছাত্ৰ গৰাকীৰ নাম প্ৰীতম ৰাভা ৷ প্ৰীতম ৰাভাই নিজৰ উদ্ভাৱনী শক্তিৰে নিৰ্মাণ কৰি উলিয়াইছে কেইবাটাও যন্ত্ৰ ৷ ছাত্ৰ গৰাকীৰ উদ্ভাৱনে চছিয়েল মিডিয়াটো লাভ কৰিছে বিশেষ চৰ্চা।ছাত্ৰ গৰাকীৰ ঘৰ গোৱালপাৰা জিলাৰ আগিয়াৰ বৰদামাল মাজেৰবুড়ী গাঁৱত ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ স্বচ্ছ ভাৰত অভিযান মিছন’ক নতুন এক গতি দিয়াৰ লগতে মহামাৰী ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ছাত্ৰ গৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে বিশেষ ডাষ্টবিন ৷ নাম দিছে “স্মাৰ্ট ডাষ্টবিন” ৷ সৌৰশক্তিৰ দ্বাৰা চালিত স্মাৰ্ট ডাষ্টবিনটোত সংযোগ কৰা হৈছে কেইবাটাও কাৰিকৰী কৌশল ৷ চেনছৰ, মোবাইল চাৰ্জাৰ, চোলাৰ প্লেট, অফ অন চুইটচ্‌ ইত্যাদি৷

জাৱৰ-জোথৰ সন্মুখলৈ আনিলেই খোল খায় ডাষ্টবিনৰ দৰ্জা ৷ ছাত্ৰ গৰাকীয়ে নিৰ্মাণ কৰা এই বিশেষ ডাষ্টবিনটো হাতেৰে নুচুৱাকৈ অনায়াসে ভিতৰত সুমোৱাব পৰা যায় আৱৰ্জনা ৷ লগতে স্মাৰ্ট ডাষ্টবিনটো চাৰ্জ কৰাৰ বাবেও ছাত্ৰ গৰাকীয়ে ৰাখিছে বিশেষ ব্যৱস্থা ৷ ডাষ্টবিনটো সাজি উলিয়াবলৈ খৰচ কৰিব লগা হৈছে আঢ়ৈৰ পৰা তিনিহেজাৰ টকা।

কেৱল স্মাৰ্ট ডাষ্টবিনে নহয় ,ছাত্ৰ গৰাকীয়ে কম বয়সতে উদ্ভাৱনী শক্তিৰে সাজি উলিয়াবলৈ সক্ষম হৈছে কেবাটাও যন্ত্ৰ ৷ মেটেল ডিটেক্তৰ, ৰিমট চালিত জেট বিমান, এৰোপ্লেনকে ধৰি কেবাবিধো যন্ত্ৰ কোনো বিশেষ কাৰিকৰী শিক্ষা নোলোৱাকৈ নিৰ্মাণ কৰি উলিয়াইছে ছাত্ৰ গৰাকীয়ে  আনহাতে দৰিদ্ৰ ঘৰৰ ছাত্ৰ গৰাকীয়ে অৰ্থৰ অভাৱত পৰিকল্পনা অনুযায়ী বহু উদ্ভাৱনী কাম কৰিব পৰা নাই যদিও “দ্ৰোণ কেমেৰা” নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা ছাত্ৰ গৰাকীৰ।

Leave A Reply

Your email address will not be published.