danewsplus.com
danewsplus.com

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত দ্বিতীয়জন ভাৰতীয়ৰ মৃত্যু

0 375

ডিজিটেল ডেস্কঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা আকৌ আহিল এটা বেয়া খবৰ। ইউক্ৰেইনত প্ৰাণ হেৰুৱালে আন এগৰাকী ভাৰতীয়ই। কোনেও শুনিব নিবিচৰা ঘটনাটো সংঘটিত হয় বুধবাৰৰ পুৱাৰ ভাগতে। অৱশ্যে বিয়লিৰ ভাগতহে দেশবাশীয়ে এই খবৰ লাভ কৰে। এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃত্যুৰ খবৰ মাৰ নাযাওতেই পুনৰ এগৰাকী ভাৰতীয়ই হেৰুৱালে প্ৰাণ।

মৃত্যুক সাৱটি লোৱা ছাত্ৰজনৰ নাম চন্দন জিন্দাল। প্ৰকাশিত খবৰ অনুসৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ২২ বছৰীয়া ছাত্ৰগৰাকীৰ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি চন্দন জিন্দালৰ ঘৰ পঞ্জাৱত।

ইউক্ৰেইনত চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি আছিল জিন্দালে। জানিবলৈ পোৱা অনুসৰি, সামগ্ৰিক পৰিস্থিতিত আতংকগ্ৰস্ত হৈ মৃত্যু হয় ছাত্ৰগৰাকীৰ।

Leave A Reply

Your email address will not be published.