danewsplus.com
danewsplus.com

আজি কোন তিনি মুখ্যমন্ত্ৰীৰ জন্মদিন একেলগে?

0 327

ডিজিটেল ডেস্কঃ আজিৰ দিনটোত তিনিখন ৰাজ্যৰ তিনি মুখ্যমন্ত্ৰীৰ জন্মদিন। ক্ৰমে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে স্ট্যেলিনৰ আজি জন্মদিন।

উল্লেখযোগ্য যে ২০১৫ চনৰ পৰা মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে নীতিশ কুমাৰ। অন্যহাতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী প্ৰথমগৰাকী শিখ দলিত শ্ৰেণীৰ মুখ্যমন্ত্ৰী। লগতে তামিলনাডুৰ ৮ম মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত আছে মুখ্যমন্ত্ৰী এম কে স্ট্যেলিন ।

অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে আটাইকেইগৰাকী মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে লগতে মা – কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত আটাইকেইজন ৰ্দীঘায়ু কামনা কৰে।

মন কৰিবলগীয়া কথা যে ৰাজনীতিৰ ক্ষেত্ৰৰ যোৰহাট জিলাৰ লোকসভাৰ সাংসদ তপন কুমাৰ গগৈৰো আজি জন্মদিন। সাংসদ গৰাকীকো শুভেচ্ছাৰে উপচাই পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.