danewsplus.com
danewsplus.com

ইউক্ৰেইনত নিহত ভাৰতীয় ছাত্ৰ

0 141

ডিজিটেল ডেস্কঃ ইউক্ৰেইনত নিহত ভাৰতীয় ছাত্ৰ। ইউক্ৰেইন খাৰকিভ চহৰত হোৱা গুলীবৰ্ষণত নিহত হয় এজন ভাৰতীয় ছাত্ৰ । গৱৰ্ণৰ হাউছৰ কাষতে খাদ্যৰ বাবে শাৰীপাতি থাকোতে গুলিবিদ্ধ হৈ নিহত হয় ভাৰতীয় ছাত্ৰজন। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সূত্ৰে প্ৰকাশ কৰিলে এই কথা।

উল্লেখ্য যে ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰত আছিল ২১ বছৰীয়া কৰ্ণাটকৰ নবীন ছেখৰাপ্পা নামৰ এই ছাত্ৰজন। ইফালে, ৰাছিয়াৰ সৈন্যই খাৰকিভৰ ওপৰত গুলীবৰ্ষণ অব্যাহত ৰাখিছে আৰু বিদ্যুৎ উপ-কেন্দ্ৰসমূহ উৰুৱাবলৈ আৰম্ভ কৰিছে। ৮৭ টাতকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

Leave A Reply

Your email address will not be published.