danewsplus.com
danewsplus.com

IIHF-এ এঘৰীয়া কৰিলে ৰাছিয়া আৰু বেলাৰুছক

0 415

ডিজিটেল ডেস্কঃ International Ice Hockey Federation (IIHF) এ এঘৰীয়া কৰিলে ৰাছিয়া আৰু বেলাৰুছক। ইউক্ৰেইনত চলোৱা আক্ৰমণৰ বাবে পৃথিৱীৰ বিভিন্ন দেশে এতিয়া ৰাছিয়াৰ বিৰুদ্ধে জাৰি কৰিছে নানা নিষেধাজ্ঞা ৷ ৰাছিয়াৰ মিত্ৰ বেলাৰুছৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷ অৰ্থনৈতিক কূটনৈতিক আৰু অন্যান্য নিষেধাজ্ঞা জাৰি কৰা হৈছে দেশ দুখনৰ বিৰুদ্ধে ৷ ইউৰোপীয়ান ইউনিয়নে নিজৰ আকাশমাৰ্গত ৰাছিয়াৰ বিমানৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷

ৰাছিয়াৰ শীৰ্ষস্থানীয় ব্যৱসায়ীৰ ব্যক্তিগত বিমানৰো প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ ৰাছিয়াৰ ভালেমান শীৰ্ষস্থানীয় ব্যৱসায়ী, উচ্চপদস্থ বিষয়া, বীমা প্ৰতিষ্ঠান আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ইউৰোপীয়ান ইউনিয়নে ৷ ৰাছিয়া টুডে আৰু স্পুটনিক সংবাদ মাধ্যম দুটা নিষিদ্ধ কৰা হৈছে ইউৰোপীয়ান ইউনিয়নত৷ ৰাছিয়াৰ বিৰুদ্ধে ইতিমধ্যে ভালেমান নিষেধাজ্ঞা জাৰি কৰা কানাডাই ঘোষণা কৰিছে যে ইউক্ৰেইনলৈ প্ৰেৰণ কৰা হ’ব টেংক বিধ্বংসী অস্ত্ৰৰ লগতে গুলী-বাৰুদ ৷ ৰাছিয়াৰ সকলো বিমানৰ প্ৰৱেশ কানাডাত নিষিদ্ধ কৰা হৈছে ৷ ৰাছিয়াৰ পৰা তেল আমদানিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে কানাডাই ৷

ইউৰোপৰ কেইবাখনো দেশে নিজৰ আকাশমাৰ্গো বন্ধ কৰিছে ৰাছিয়াৰ বাবে৷ বিশ্বৰ শীৰ্ষস্থানীয় ক্ৰীড়া সংগঠনসমূহেও ৰাছিয়া আৰু বেলাৰুছৰ বিৰুদ্ধে নিষাধাজ্ঞা জাৰি কৰিছে৷ দেশ দুখনৰ ৰাষ্ট্ৰীয় দলে কোনো মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে ইণ্টাৰনেচনেল আইচ হকী ফেডাৰেচনে৷ সকলো শাখাৰ খেলৰ ক্ষেত্ৰত বাহাল থাকিব এই নিষেধাজ্ঞা৷ অংশগ্ৰহণ কৰিব নোৱাৰিব IIHFৰ ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপত ৷

Leave A Reply

Your email address will not be published.