danewsplus.com
danewsplus.com

আজি মহা শিৱৰাত্ৰি…

0 328

ডিজিটেল ডেস্কঃ আজি মহা শিৱৰাত্ৰি, দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হৈছে মহা শিৱৰাত্ৰিৰ। মহা শিৱৰাত্ৰি উপলক্ষে গুৱাহাটী মহানগৰীৰ উমানন্দ, শুক্ৰেশ্বৰ মন্দিৰ, শিৱসাগৰৰ শিৱদৌল লগতে নগাঁৱৰ মহা মৃত্যু়ঞ্জয় মন্দিৰতো আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হ’ল শিৱ পূজা।

পুৱাই দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টুইট যোগে দেশবাসীক শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলে।

লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমবাসীক শিৱৰাত্ৰীৰ শুভেচ্ছা জনালে ।

উল্লেখ্য যে, হিন্দুধৰ্মৰ দেৱতা ‘শিৱ’ৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।

হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে। কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ জনা নাযায়।

ঐতিহ্যমণ্ডিত শিৱদ’লত চাৰিদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰী পুজাত প্ৰথম দিনা সাংস্কৃতিক অনুষ্ঠানত দিহানাম পৰিবেশন কৰে অসমৰ দিহানামৰ সম্ৰাট কমলা গগৈয়ে |


সমগ্ৰ দেশৰ লগতে গুপ্তকাশী বিশ্বনাথ ঘাটতো মহা শিৱৰাত্ৰীৰ উপলক্ষে ভক্তি ৰসৰ বন্দনাৰে মুখৰিত হ’ল চৌদিশে ৷ মঠ মন্দিৰ পৰিপূৰ্ণ গুপ্তকাশী বিশ্বনাথ ৰ বিভিন্ন প্ৰান্তত শিৱৰাত্ৰি পালন কৰাৰ ব্যপক আয়োজন দেখিবলৈ পোৱা গৈছে ৷ সমান্তৰালকৈ আহোম যুগৰ প্ৰসিদ্ধ ২৭ খন দেৱালয়ৰ ভিতৰত অন্যতম বিশ্বনাথ দেৱালয়ত পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে অজস্ৰ ভক্তৰ সমাগম ।

Leave A Reply

Your email address will not be published.